ডিজিটেল ডেস্ক: আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ অগ্ৰণী অনুষ্ঠান অসম লেখিকা সমাজে গ্ৰহণ কৰিছে এক পদক্ষেপ। শুকুৰবাৰে ডিফু ক্লাবত দিনজোৰা কাৰ্যসূচীৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ‘মাটি-মানুহ-সমন্বয়‘ দিৱস উদযাপন কৰে।
উক্ত অনুষ্ঠানটি কাৰ্বি আংলং জিলা লেখিকা সমাজৰ সহযোগত সদৌ অসম লেখিকা সমাজে কেন্দ্ৰীয়ভাৱে আয়োজন কৰে। এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ৯-০০ বজাত পঞ্জীয়ন আৰু ৯-১৫ বজাত বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী সমাপন কৰা হয়।
ইয়াৰ পাছতে গছপুলি ৰোপণ, থলুৱা শিল্প প্ৰদৰ্শনী তথা কবিতা পাঠৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।তথা দুপৰীয়াৰ ভাগত মুকলি সভা অনুষ্ঠিত হয়।
অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়ে আঁত ধৰা মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, বিজয়া পায়েং, ড০ জ্যোতি প্ৰসাদ শইকীয়া, বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, প্ৰশাসনিক সেৱা বিষয়া উপস্থিত থাকে।
আজিৰ এই অনুষ্ঠানৰ মুকলি সভাত অভ্যাগতসকলৰ উপস্থিতিত অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা মুক্তিযুঁজাৰু দেউৰাম দত্ত সোঁৱৰণি ‘মহীয়ান বঁটা‘ আৰু লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি ‘মাটি-মানুহ-সমন্বয় বঁটা‘ প্ৰদান কৰা হ‘ব। ইয়াৰোপৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ৯গৰাকী ব্যক্তিক সন্মান জনোৱা হ‘ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।
মুক্তিযুঁজাৰু দেউৰাম দত্ত সোঁৱৰণি ‘মহীয়ান বঁটা‘ বঁটা আগবঢ়োৱা হ‘ব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙক। আনহাতে লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি ‘মাটি-মানুহ-সমন্বয় বঁটা‘ আগবঢ়োৱা হ‘ব বিশিষ্ট লেখক, শিক্ষাবিদ বিজয়া পায়েঙক।
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৰণিকা ‘প্ৰয়াস‘ আৰু জয়শ্ৰী শইকীয়াৰ নৱতম গ্ৰন্থ ‘নক্ষত্ৰ‘ উন্মোচন কৰা হ‘ব।
Also Read: নগাঁৱত চুৰিকাণ্ড: লুটি নিয়ে নগদ ধনসহ সোণৰ আ-অলংকাৰ