স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মেৰাপানীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মেৰাপানীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ, মেৰাপানী: ৰাজ্যজুৰি অৱ্যাহত আছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ। বিদ্যুৎ মাচুলৰ বাবদ স্মাৰ্ট মিটাৰৰ জড়িয়তে ৰাইজৰ তেজ শুহি খোৱা কাৰ্য্যক সহজভাৱে ল'ব পৰা নাই ৰাজ্যবাসীয়ে। বিশেষকৈ গ্ৰামাঞ্চলৰ উপভোক্তাসকলে স্মাৰ্ট মিটাৰৰ কেকোঁৰা চেঁপাত এতিয়া দিক্‌বিদিক হেৰুৱাই পেলাইছে। তাৰ পাছতো ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ সন্দৰ্ভত কোনো স্পষ্ট নীতি গ্ৰহন নকৰাত সম্প্ৰতি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

সোমবাৰে মেৰাপানীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত মেৰাপানী নগৰত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ৰূপায়ন কৰে এক বৃহত প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে মেৰাপানী টাউনৰ মাজেৰে এক সমদল বাহিৰ কৰি মেৰাপানী আৰক্ষী থানাৰ সন্মুখত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত প্ৰতিবাদী ৰাইজে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

ইফালে প্ৰতিবাদকাৰী সকলৰ স্মাৰক পত্ৰ গ্ৰহন কৰিবলৈ এপিডিচিএলৰ শীৰ্ষ বিষয়াৰ পৰিবৰ্তে এগৰাকী লাইনমেনক প্ৰতিবাদস্থলীলৈ প্ৰেৰণ কৰাত খৰ্গহস্ত হৈ পৰে প্ৰতিবাদকাৰীসকল। প্ৰতিবাদকাৰীসকলে দহদিনৰ ভিতৰত স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে আন্দোলন আৰু অধিক তীব্ৰতৰ হ'ব বুলি শক্তি বিভাগক সকীয়াই দিয়ে।

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মেৰাপানীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
নগাঁৱৰ ভাৰোত্তোলন প্ৰতিযোগীক বিশেষ সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in