টি-২০ বিশ্বকাপঃ দ্ৰাবিড়ৰ চোকা দৃষ্টিৰ সন্মুখত ৰোহিত-ৰাহুলৰ অনুশীলন...

অপেনিং যুটিটোৱে বিভিন্ন শ্বটেৰে অধিক সময় ধৰি অনুশীলনত নিজকে ব্যস্ত ৰাখে
Rahul-Rohit
Rahul-Rohit
Published on
Updated on

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ বিশ্বকাপত প্ৰথমখন মেচত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি আত্মবিশ্বাসী ৰোহিত বাহিনী। বৃহস্পতিবাৰে ভাৰতৰ দ্বিতীয়খন মেচ। কাইলৈ ভাৰতীয় দলে ক্ৰিকেটৰ শিশু নেদাৰলেণ্ডছৰ বিৰুদ্ধে দ্বিতীয়খন মেচত অংশগ্ৰহন কৰিব। সেই অনুসৰি সম্প্ৰতি ভাৰতীয় দল উপস্থিত হৈছে ছিডনী চহৰত।

KL RAHUL
KL RAHUL

উল্লেখ্য যে, তুলনামূলকভৱে যদিও নেদাৰলেণ্ডছ ভাৰততকৈ দুৰ্বল তথাপি খেলপথাৰত বিপৰীত পক্ষক সহজভাৱে নলয় ৰোহিত বাহিনীয়ে। সেয়ে প্ৰথম মেচত পাকিস্তানৰ বিৰুদ্ধে বেটিং ব্যৰ্থ হোৱা ভাৰতীয় অপেনিং যুটি ৰোহিত-ৰাহুলে নেট অনুশীলনত কিছু সময় ধৰি বেটিং কৰে। দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ চোকা দৃষ্টিৰ সন্মুখত অপেনিং যুটিটোৱে বিভিন্ন শ্বটেৰে অধিক সময় ধৰি অনুশীলনত নিজকে ব্যস্ত ৰাখে। কিয়নো শেহতীয়া খেল সমূহত ভাৰতৰ অপেনিং ব্যৰ্থতাৰ বাবে মিডল অৰ্ডাৰৰ বেটছমেন সকলে চাপলৈ খেলিবলগীয়া হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in