চৰকাৰী নিয়োগত সংঘটিত দুৰ্নীতিক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ...

দলমুখ চাৰিআলিত প্ৰতিমূৰ্তি দাহেৰে চৰকাৰৰ বিৰুদ্ধে সৰৱ

author-image
Asomiya Pratidin
New Update
চৰকাৰী নিয়োগত সংঘটিত দুৰ্নীতিক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ...

KMSS SIVSAGAR

ডিজিটেল সংবাদ,শিৱসাগৰঃ ভিক্টৰ দাসৰ লগতে ধাৰাবাহিক ভাৱে একাধিক যুৱক যুৱতীয়ে শেহতীয়াকৈ অনুস্থিত হোৱা তৃতীয়, চতুৰ্থ বৰ্গৰ সাক্ষাতকাৰৰ বিৰুদ্ধে ইটোৰ পিছত সিটো বিস্ফোৰক অনিয়মৰ অভিযোগ বিভিন্ন মাধ্যম যোগে ৰাজহুৱা কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

সৰ্বসাধাৰণ নাগৰিকে এই অভিযোগক লৈ সৰৱ চৰ্চা অব্যাহত ৰখাৰ মাজতেই শুকুৰবাৰে শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

অসম চৰকাৰৰ বিৰুদ্ধে চৰকাৰী চাকৰি নিযুক্তিক কেন্দ্ৰ কৰি হোৱা অনিয়মৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে নগৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।

প্ৰতিবাদকাৰী সকলে নিকা আৰু স্বচ্ছ চৰকাৰৰ টেগ লগাই চৰকাৰ খনে চৰকাৰী চাকৰিত শিক্ষিত নিবনুৱা মকৰলৰ নামত এক ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতা পৰাশৰ কোঁৱৰে ।

যাৰ বাবে এতিয়া নিকা আৰু ধনৰ লেনদেন মুক্ত চৰকাৰী নিয়োগৰ ব্যৱস্থাটো এক বুমেৰাংত পৰিণত হোৱা বুলি সমিতিৰ নেতা গৰাকীয়ে অভিযোগ কৰে।

সেয়েহে চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়াক লৈ এক তদন্ত দাবী কৰাৰ লগতে লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিয়োগকলৈও দুৰ্নীতি হোৱাৰ অভিযোগ তুলি তদন্তৰ দাবী কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। শুকুৰবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তিৰ লগতে সংগঠনটোৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তিৰ সদস্য সকলেও অংশ গ্ৰহণ কৰে ৷

kmss