দিব নালাগে ইনকম টেক্স! ভাৰতৰ কোনখন ৰাজ্যত আছে এই সুবিধা...

দিব নালাগে ইনকম টেক্স! ভাৰতৰ কোনখন ৰাজ্যত আছে এই সুবিধা...
Published on
Updated on

ডিজিটেল ডেস্কঃ  আপুনি জানেনে! ভাৰতৰ এনে এখন ৰাজ্য আছে যত কোনো লোকে ভৰিব নালাগে আয় কৰ। যিসময়ত সমগ্ৰ দেশত বাজেটত আয়কৰ স্লেপ বৃদ্ধিক লৈ হাঁহাকাৰ লাগিছে, তেনে সময়ত ভাৰতৰে এখন ৰাজ্যত নাই এই বিষয়সমূহক লৈ কোনো বিৰ্তক। এই ৰাজ্যখনেই হৈছে ছিক্কিম। ১৯৪৮চনৰ এক বিশেষ আয়কৰ আইন প্ৰণয়ন কৰাৰ পাছতে এই ৰাজ্যৰ কোনো স্থায়ী বাসিন্দাই ইনকম টেক্স ভৰিব নালাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ সৈতে বিলীন হোৱাৰ আগতে ছিক্কিম আছিল এখন স্বতন্ত্ৰ দেশ। স্বাধীনতা আন্দোলনৰ পাছতে ১৯৫০চনত ভাৰত-ছিক্কিম সন্ধিৰ পাছত ছিক্কিমক এখন সংৰক্ষিত ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হৈছিল। ১৯৭৫চনত ২২সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল ছিক্কিমে।

এতিয়া পুনৰ আহো পাহাৰীয়া এই ৰাজ্যখনত টেক্স ফ্ৰী প্ৰসংগটোলৈ। ছিক্কিমত ইনকম টেক্সৰ পৰা কাক কা ৰেহাই হয় জানে্নে। আয়কৰৰ পৰা ৰেহাই পাবলৈ সেই ব্যক্তিজন ছিক্কিমৰ স্থায়ী বাসিন্দা হব লাগিব। যদিহে ৰাজ্যৰ বাহিৰত কোনে লোকে ব্যৱসায় কৰে, সেই লোকসকলৰ ক্ষেত্ৰত কিন্তু নাই কোনো ৰেহাই। যদিহে ছিক্কিমৰ কোনো এগৰাকী যুৱতীক বহিঃৰাজ্যৰ এগৰাকী লোকে বিয়া কৰোৱাই, তেতিয়াও ইনকম টেক্সৰ ক্ষেত্ৰত ৰেহাই প্ৰদান নকৰে ছিক্কিম চৰকাৰে।

এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে, ১৮৪৮চনত ছিক্কিম আয়কৰ মেনুৱেলছ দ্বাৰা গ্ৰহণ কৰা এই সিদ্ধান্ত ২০০৮চনত কিন্তু পৰিৱৰ্তন কৰা হৈছিল। আয়কৰ অধিনিয়ম অনুসৰি ধাৰা ১০(২৬AAA) অনুসৰি ছিক্কিমৰ সকলো স্থানীয় লোকে লাভ কৰিব আয়কৰ ৰেহাই।

দিব নালাগে ইনকম টেক্স! ভাৰতৰ কোনখন ৰাজ্যত আছে এই সুবিধা...
বান সাহায্য দিয়াৰ লোভ দেখুৱাই শতাধিক ৰাইজক প্ৰবঞ্চনা, গহপুৰত গ্ৰেপ্তাৰ এগৰাকী মহিলা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in