'শৰতৰ আবেলিত কবিতাৰ গুঞ্জন' শীৰ্ষক কবি সন্মিলনত গ্ৰন্থ উন্মোচন

'শৰতৰ আবেলিত কবিতাৰ গুঞ্জন' শীৰ্ষক কবি সন্মিলনত গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
'শৰতৰ আবেলিত কবিতাৰ গুঞ্জন' শীৰ্ষক কবি সন্মিলনত গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, যোৰহাট : যোৰহাট জিলা সাহিত্য সভা আৰু যোৰহাট জিলা সাহিত্য সভাৰ কবি সম্মিলন উপ-সমিতিৰ যৌথ উদ্যোগত শনিবাৰে বিয়লি জিলা সাহিত্য সভাৰ স্থায়ী কার্যালয় সমাজৰত্ন ডাঃ নবীন চন্দ্র বৰদলৈ স্মৃতি সদনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। সদনত 'শৰতৰ আবেলিত কবিতাৰ গুঞ্জন' শীৰ্ষক এখনি বিশেষভাৱে আমন্ত্ৰিত কবিৰ দ্বাৰা কবি সন্মিলন অনুষ্ঠিত হয়।

মৌচুমী মহন্ত গোস্বামীয়ে পৰিৱেশন কৰা পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ এটি গীতেৰে আৰম্ভণী কৰা কবি সন্মিলনখনিত সভাপতিত্ব কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভব গোস্বামীয়ে। সন্মিলনখন সঞ্চালনা কৰে জিলা সাহিত্য সভাৰ উপ-সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাই লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাস, অসম সাহিত্য সভাৰ জিলা প্ৰতিনিধি মাধৱ মহন্তই।

যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই আঁত ধৰা কবি সন্মিলনখনত ডেৰকুৰি কবিয়ে কবিতা পাঠ কৰে। কবিসকল ক্ৰমে ৰূপা দত্ত, স্নেহা জোনাক দত্ত, প্রদীপ কুমাৰ গগৈ, প্ৰণৱ কুমাৰ গগৈ, নীহাৰিকা সোনোৱাল,ভানু বৰা হাজৰিকা, অৰুণ কুমাৰ শইকীয়া, ৰবীন্দ্ৰ কুমাৰ দেৱ, ববী এটিকাচ্, জিতুল কুমাৰ গগৈ, বন্দনা সন্দিকৈ, মফিদা বেগম, অংকুৰজ্যোতি বুঢ়াগোহাঁই, জুনমণি গগৈ, দীপ্তি বুঢ়াগোহাঁই, ড০ ৰশ্মি দাস, প্রফুল্ল ভূঞা, মোকতাৰ আলি, বিন কাকতি আৰু মৌসুমী মহন্ত গোস্বামী আদিয়ে।

সভাখনিৰ শলাগৰ শৰাই আগবঢ়াই যোৰহাট জিলা সাহিত্য সভা কবি সন্মিলন উপ-সমিতিৰ আহ্বায়ক গণেশ চন্দ্ৰ কছাৰীয়ে। আনহাতে আজিৰ সন্মিলনতে প্ৰসন্ন কুমাৰ দত্তৰ চুটি গল্প সংকলন ‘ৰত্নদীপ’ উন্মোচন হয়।

Also Read: ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত লাভলীনা বৰগোঁহাই

কবি সন্মিলন গ্ৰন্থ