কলিয়াবৰত কৰ ফাঁকিৰে চলিছে ফটকা- আতচবাজীৰ ৰমৰমীয়া বেহা...

চকুমুদা কুলিৰ ভাৱত জিলা প্ৰশাসন

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত কৰ ফাঁকিৰে চলিছে ফটকা- আতচবাজীৰ ৰমৰমীয়া বেহা...

koliyabor

ডিজিটেল সংবাদ,কলিয়াবৰঃ নগাঁও জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে কলিয়াবৰত ফটকা আতচবাজীৰ ৰমৰমীয়া ব্যৱসায়ে সকলোকে আচৰিত কৰি তুলিছে। কৰ ফাঁকিৰে চলা এই ব্যৱসায়ত জিলা প্ৰশাসনৰ সেউজ সংকেত থকা বুলি কোনো কোনোৱে দাবী কৰিছে যদিও কলিয়াবৰৰ আমবাগানত একাংশ ব্যৱসায়ীয়ে চলাই গৈছে এনে মুকলি বেহা।

বিগত বৰ্ষ সমূহতো জিলা প্ৰশাসনে দীপান্বিতাৰ সময়ত ফটকা আতচবাজীৰ বিক্ৰী নিষিদ্ধ কৰি দুদিন আগৰ পৰাই ঢাক ঢোল বজাই কঠোৰ নিৰ্দেশ জাৰি কৰে যদিও মূৰকত ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা যায়।

এই বেলিও কলিয়াবৰত দেখা গ'ল তদ্ৰুপ ঘটনা। অভিযোগ উঠা মতে এই বেলিও কেৱল আমবাগানতে দীপান্বিতাৰ সময়চোৱাত কোটি কোটি টকাৰ ফটকা আতচবাজী বিক্ৰী হৈছে বুলি জানিব পৰা গৈছে। কৰ ফাঁকীৰে চলা এই ব্যৱসায়ৰ সৈতে জিলা প্ৰশাসনৰ কোনো চক্ৰ জড়িত থকাৰো অভিযোগ উঠিছে। এই ক্ষেত্ৰত কলিয়াবৰ মহকুমা প্ৰশাসনৰ লগতে জিলা প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰাত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।

koliyabor dewali