ডিজিটেল ডেস্কঃ আপোনাৰ ব্যৱসায় আছেনেকি? চকুত লগাকৈ আপুনি ধনবান ব্যক্ত নেকি? যদি আপোনাৰ ভাল ব্যৱসায় আছে চকুত লগাকৈ আপুনি এজন ধনী ব্যক্তি তেন্তে সাৱধান।
যিকোনো মুহূৰ্তত আপোনাৰ ঘৰত প্ৰৱেশ কৰিব পাৰে চি বি আই ! কেৱল প্ৰৱেশ কৰাই নহয়, আপোনাৰ ঘৰত থকা ধন, অলংকাৰ সকলো লৈ যাব পাৰে এই চি বি আইৰ দলে !
আৰক্ষী দেখিলেই যেনেদৰে মানুহে সুৰক্ষিত অনুভৱ কৰাৰ বিপৰীতে ভয় কৰে ঠিক একেদৰে চি বি আই বুলিলে অধিকাংশ ভাৰতীয়ৰে হাত-ভৰি লুকাই। আৰু এনে ভয় আৰু জীৱনত সংঘটিত কৰা সৰু-বৰ দুৰ্নীতি, কৰ ফাঁকি আদি কাৰণৰ বাবেই এতিয়া সুবিধা লৈছে আন একাংশ অসাধু চক্ৰই।
এই অসাধু চক্ৰই নিজকে চি বি আইৰ পৰা অহা বুলি পৰিচয় দি মুহূৰ্ততে সৰ্বস্ব কাঢ়ি নিছে বহুজনৰ। শেহতীয়াকৈ পোহৰলৈ আহিছে তেনে এক ঘটনাই।
যেন বলিউডৰ সুদক্ষ পৰিচালকে নিৰ্মাণ কৰা এখন চিনেমাহে ! প্ৰায় ৭/৮ জন লোকৰ এটা দলে আৰক্ষীৰ প্ৰতীক গাড়ীত লগাই প্ৰৱেশ কৰিলে সুৰেষ ৱাধৱা নামৰ ব্যৱসায়ীজনৰ ঘৰত।
তাৰ পিছত তেওঁলোকে নিজকে পৰিচয় দিলে চি বি আইৰ বিষয়া হিচাপে। আৰম্ভ কৰিলে অভিযান। অভিযানৰ অন্তত সুৰেশ ৱাধৱাৰ ঘৰৰ পৰা এই ভুৱা চি বি আইৰ দলটোৱে জব্দ কৰিলে নগদ ৩০ লাখ টকা আৰু অলংকাৰ।
কলকাতাৰ ভৱানীপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। সুৰেশ ৱাধৱা (৬০) নামৰ ব্যৱসায়ীজনৰ ঘৰত সোমবাৰে পুৱা প্ৰায় ৮ বজাতেই প্ৰৱেশ কৰিছিল এই ভুৱা চি বি আইৰ দলটো।
এই দলটোত আছিল প্ৰায় ৭/৮ জন লোক। তেওঁলোকে লগত লৈ আনিছিল ৩ খন বাহন। য'ত বংগ আৰক্ষীৰ প্ৰতীক লগোৱা আছিল। সুৰেশ ৱাধৱাই তেওঁলোকৰ আই ডি কাৰ্ড চাবলৈ বিচাৰিছিল যদিও চি বি আইৰ মেজাজ দেখুৱাই তেওঁলোকে কোনেও আই ডি কাৰ্ড নেদেখুৱালে। আৰু আৰম্ভ কৰিলে আভিযান।
সুৰেশ ৱাধৱাৰ মতে এই দলটোৱে তেওঁৰ ৩০ লাখ টকা লৈ উধাও হৈছে। ভুৱা চি বি আইৰ দলটোৱে জব্দ কৰা সামগ্ৰীৰ এখ তালিকাও হেনো প্ৰস্তত কৰিছিল। এই তালিকাখন পৰৱৰ্তী সময়ত সুৰেশ ৱাধৱালৈ প্ৰেৰণ কৰা হ'ব বুলি কোৱা হৈছিল।
ইয়াৰ বাবে তেওঁক চি বি আৰু কাৰ্যালয়লৈ তলব কৰা হ'ব বুলিও কৈছিল। চি বি আইৰ এই অভিযান ভুৱা বুলি জানিব পাৰি সুৰেশ ৱাধৱাই আৰক্ষীৰ আগত সমগ্ৰ ঘটনা বিৱৰি এক গোচৰ ৰুজু কৰিছে।
আৰক্ষীয়েও এই সমগ্ৰ ঘটনাক অতি গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ সন্দেহ এই ঘটনাৰ সৈতে সুৰেশ ৱাধৱাৰ কোনো নিকটাত্মীয় জড়িত আছে।
ক্লিক কৰি পঢ়কঃ টেট উত্তীৰ্ণক খেদি খেদি নিৰ্মম প্ৰহাৰ আৰক্ষীৰ...