ডিজিটেল সংবাদ নগাঁও : ২০১১ চনৰ পৰা শিৱকান্ত-ক্ৰান্তিকাল ট্ৰাষ্টৰ উদ্যোগত ক্ৰান্তিকাল প্ৰকাশনে আগবঢ়াই অহা 'ক্ৰান্তিকাল সাহিত্য সন্মান -২০২২' গল্পকাৰ জ্যোতিষ শিকদাৰলৈ আগবঢ়োৱা হৈছে। এই কথা শিৱকান্ত-ক্ৰান্তিকাল ট্ৰাষ্টৰ হৈ কৈলাশ ৰাজখোৱা আৰু অৰিন্দম বৰকটকীয়ে সদৰী কৰিছে ।
১৯৫৭ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা শিকদাৰে স্কুলীয়া আৰু কলেজীয়া শিক্ষা গুৱাহাটীতে সাং কৰি ১৯৭৮ চনত কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।জ্যোতিষ শিকদাৰে দুই দশকৰ ওপৰকাল একেৰাহে গল্প লেখা কামতে নিজকে নিয়োজিত কৰিছে।
লেখকৰ গল্প প্ৰান্তিক, গৰীয়সী, সাতসৰী, অন্যান্য পূজা সংখ্যা আৰু বিহু সংখ্যা আলোচনীসমূহত প্ৰকাশ হৈছে। মানৱ জীৱনৰ অস্তিত্বৰ সংকট আৰু বিভিন্ন মানৱীয় অৱস্থাৰ দিশসমূহ তেওঁৰ গল্পৰ মূল উপজীব্য । তেওঁৰ প্ৰকাশিত গল্প সংকলন 'গান ভাল পোৱা ছোৱালীজনী' (১৯৮৯), 'স্বপ্ন, বিষাদ, জীৱন' (১৯৯৬), 'সেউজীয়া পুখুৰী' (১৯৯৮), 'শৈশৱ' (১৯৯৮), 'ফুলবোৰ যেতিয়া সৰি পৰে'(২০০২), 'ভেনাচৰ প্ৰতিমূৰ্তি' (২০০৬)।
অসম সাহিত্য সন্মিলনৰ 'জীৱনজোৰা সাধনা বঁটা' ২০১৬ চনত তেওঁ লাভ কৰিছে। উল্লেখযোগ্য যে ইতিপূৰ্বে কবীন ফুকন, আনন্দ চন্দ্ৰ দত্ত, প্ৰণৱজ্যোতি ডেকা, অনিল ৰায়চৌধুৰী , জ্ঞান পূজাৰী ,বসন্ত ডেকা, সনন্ত তাঁতী, ৰফিকুল হুছেইন, খগেন গগৈ আৰু মনোৰম গগৈক ক্ৰান্তিকাল সাহিত্য সন্মান প্ৰদান কৰা হৈছে ৷
ক্লিক কৰি পঢ়কঃ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ১ লাখ গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ...