ৰত্নপীঠ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সজাগতা সভা

মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু সাধাৰণ শিক্ষাৰ মাজত কোনো পাৰ্থক্য নাই -অধ্যাপক জয়দীপ বৰুৱা
ৰত্নপীঠ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সজাগতা সভা
Published on
Updated on

ডিজিটেল সংবাদ, চাপৰ: শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ উদ্দেশ্য তথা অসমৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ প্ৰতি ঢাপলি মেলাৰ লক্ষ্যৰে বিভিন্ন শিক্ষানীতি হাতত লৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে। কৰ্ম সংস্থাপন আৰু নিযুক্তিৰ ক্ষেত্ৰত সহায় হোৱাকৈ ১৫টাকৈ ডিপ্লোমা আৰু ১১টাকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ নতুন শিক্ষা নীতি হাতত লৈছে মুক্ত বিশ্ববিদ্যালয়খনে।

বিশ্ববিদ্যালয়খনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে শুকুৰবাৰে চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ত এখন সজাগতা সভা অনুস্থিত হয়। সভাখনত উপস্থিত থাকি অধ্যাপক জয়দীপ বৰুৱাই উল্লেখ কৰে যে মুক্ত বিশ্ববিদ্যালয়ৰ অধীনৰ শিক্ষা আৰু সাধাৰণ শিক্ষা অনুষ্ঠানৰ মাজত কোনো পাৰ্থক্য নাই। দুয়োটা শিক্ষা ব্যৱস্থাৰ মান্যতা একে। নতুন শিক্ষা নীতিৰ উদ্যোগত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ সহায়ৰ বাবে নতুন নতুন শিক্ষা পদ্ধতি হাতত লৈছে। যি সকল ছাত্ৰ-ছাত্ৰী নতুন শিক্ষা নীতিৰ অধীনত শিক্ষা গ্ৰহণ কৰাৰ অসুবিধা উপলব্ধি কৰিছে তথা উচ্চ শিক্ষা লোৱাৰ হেঁপাহ মনত পুহি ৰাখিছে সেই সকল ছাত্ৰ-ছাত্ৰীক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে ৪জুলাইৰ পৰা নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অহা ৩১আগষ্টলৈকে নাম ভৰ্তি চলি থাকিব বুলি উল্লেখ কৰে।

ইয়াৰ উপৰি মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত সৃষ্টিশীল সাহিত্য, যোগ, জৈব কৃষি, চাহ খেতি আৰু পৰিচালনা, নাৰ্চাৰী পৰিচালনা আদি শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ডিপ্লোমা আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ নতুন পৰিকল্পনা হাতত লৈছে।

ৰত্নপীঠ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সজাগতা সভা
আৰক্ষীৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হাছিনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in