/asomiyapratidin/media/media_files/2025/08/26/ujhjj-2025-08-26-17-22-04.jpg)
ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ বৰ্দ্ধিত মূল্যই আপোনাকো জুৰুলা কৰিছে নেকি? গাড়ী বা মটৰ চাইকেলত তেল ভৰাই ভৰাই আপোনাৰ আমনি লাগিছে যদি গ্ৰহণ কৰক এই বিকল্প পথ। অত্যাধুনিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান কে টি এমে নতুনকৈ বজাৰত উলিয়াই দিব ইলেক্টিক চাইকেল। যাৰ মূল্য অইন ইলেক্টিক চাইকেলতকৈ বহুগুণে কম।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/26/ujjd-2025-08-26-17-31-11.jpg)
নতুনকৈ বজাৰলৈ আহিবলগা এই ইলেক্টিক চাইকেলৰখনৰ মূল্য মাত্ৰ ৪৪৯৯টকা। এবাৰ ছাৰ্জ দিলেই ৬০ৰ পৰা ৯০মিনিট সময় চলিব এই চাইকেলখন। কোম্পানীটোৱে সদৰি কৰা অনুসৰি, এবাৰ ছাৰ্জত প্ৰায় ২০০কিলোমিটাৰ চলিব এই বাহনখন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/26/ikkd-2025-08-26-17-31-23.jpg)
ইলেক্টিক চাইকেলখনত আছে অত্যাধুনিক ডিজিটেল ইণ্ডিকেটৰ। আগ চকা আৰু পিছ চকাত আছে ড্ৰিচ ব্ৰেক। হেণ্ডেলৰ লগতে সংলগ্ন কৰা হৈছে ডিজিটেল স্কীণ। ব্লটুথৰ সৈতে সংযুক্ত হব পৰা মিউজিক চিষ্টেমৰো ব্যৱস্থা আছে এই চাইকেলখনত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/26/ddddddddd-2025-08-26-17-31-35.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, বজাৰত বৰ্তমান চলি থকা হিৰ আৰু জিঅ' কোম্পানীৰ ইলেক্টিক চাইকেলৰ মূল্য ২০হাজাৰৰো অধিক হোৱাৰ বিপৰীতে এই চাইকেলখনৰ মূল্য যথেষ্ট কম হোৱাৰ বাবে বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us