অযোধ্যাত কুটুম্ব সুৰক্ষা পৰিষদৰ বৃহৎ "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন"...

অযোধ্যাত কুটুম্ব সুৰক্ষা পৰিষদৰ বৃহৎ "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন"...
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী: অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠান "কুটুম্ব সুৰক্ষা পৰিষদ' য়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দর্শন; আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্টপূর্ণ অনন্য সমলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ হেতু ৰাইজৰ সহযোগত "সূত্ৰধাৰ" শীর্ষক এটি বিশেষ অনুষ্ঠান ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আয়োজন কৰি আহিছে। বিগত ২০২২ আৰু ২০২৩ বর্ষত এই বিশেষ অনুষ্ঠান ভাগ উত্তৰ প্ৰদেশৰ "শ্রীধাম বৃন্দাবন" আৰু মধ্য প্রদেশৰ "উজ্জেয়িনী'ত আয়োজিত কৰা হৈছিল।

একেৰাহে তৃতীয় বছৰৰ বাবে এইবেলি পৰিষদে উত্তৰ প্ৰদেশৰ "অযোধ্যা'ত অহা ছেপ্তেম্বৰ মাহৰ ২০, ২১ আৰু ২২ তাৰিখে তিনিদিনীয়া বর্ণিল কাসূচীৰে ভাৰতবৰ্ষৰ আগশাৰীৰ ১৮খন বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক ছাত্র-ছাত্রী আৰু অসমৰ ৩০০ গৰাকী বাচকবণীয়া সাংস্কৃতিক কৰ্মীৰ সমাহাৰেৰে আয়োজন কৰিছে 'সূত্ৰধাৰ-২০২৪" শীর্ষক বৃহৎ "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সম্মিলন"ৰ। "সূত্ৰধাৰ-২০২৪" ৰ কাৰ্যসূচী সমূহৰ ভিতৰত ২০ আৰু ২১ ছেপ্তেম্বৰত-"মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বাটকটীয়া" শীর্ষক মূল বিষয়ৰ লগতে অনান্য ১৬টা উপ-বিষয়ত হ'বলগীয়া 'ৰাষ্ট্ৰীয় শৈক্ষিক সম্মিলন" খনি কুটুম্ব সুৰক্ষা পৰিষদৰ লগত শৈক্ষিক সহযোগী অনুষ্ঠান হিচাপে আছে অসম মহিলা বিশ্ববিদ্যালয় (যোৰহাট, অসম); শ্ৰীমন্ত শংকৰদেৱ আসন, পাঞ্জার বিশ্ববিদ্যালয় (চণ্ডীগড়, পাঞ্জাৱ); আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় (নলবাৰী, অসম)।

আনহাতে, 'ৰাষ্ট্ৰীয় শৈক্ষিক সম্মিলন' খনিত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতবৰ্ষৰ অন্যতম শিক্ষানুষ্ঠান সমূহৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰী সমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল-- ডিব্ৰুগড় বিশ্ববিদ্যালয় (অসম); সংস্কৃত বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় (জালুকবাৰী, অসম); দিল্লী বিশ্ববিদ্যালয়, নতুন দিল্লী; কাশী হিন্দু বিশ্ববিদ্যালয় (কাশী, উত্তৰ প্ৰদেশ); দীন দয়াল উপাধ্যায় গোৰখপুৰ বিশ্ববিদ্যালয় (গোৰখপুৰ, উ.প্ৰ); ড০ ৰামমোহন লহিয়া অবোধ বিশ্ববিদ্যালয়, (অযোধ্যা, উ.প্র); জগন্নাথ সংস্কৃত বিশ্ববিদ্যালয় (পুৰী, উৰিষ্যা); লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় (দিল্লী); হিন্দী বিভাগ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় (অসম); মাধৱদেৱ বিশ্ববিদ্যালয় (লখিমপুৰ, অসম); হিন্দী বিভাগ, নগাঁও বিশ্ববিদ্যালয় (অসম); বিক্রম বিশ্ববিদ্যালয় (উজ্জেয়িনী, মধ্য প্রদেশ) আদি। পোন প্ৰথমবাৰৰ বাবে শ্রীমন্ত শংকৰদেৱৰ চিন্তা-দৰ্শনৰ ওপৰত হোৱা এনে বৃহৎ 'ৰাষ্ট্ৰীয় শৈক্ষিক সম্মিলন"ৰ লগতে অসমৰ পৰা অযোধ্যালৈ যাবলগীয়া ৩০০ গৰাকী ভকত-সাংস্কৃতিক কর্মীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশন কৰিব।

অস্থায়ী 'গুৰু-আসন" স্থাপনৰ মাঙ্গলিক কাৰ্যক্ৰমৰ দ্বাৰা আৰম্ভ হ'বলগীয়া "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সম্মিলন" খনিত নাম-প্রসঙ্গ, খোল-প্রসঙ্গ, বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য আদিৰ লগতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ পৰা দিহানামৰ গুৰু হিচাপে স্বীকৃতি প্রাপক লোকশিল্পী অমিয়া নেওগ কলিতাৰ নেতৃত্বত ১৫০ গৰাকী মহিলাৰ দ্বাৰা দিহানাম আৰু থিয়নাম পৰিৱেশন কৰা হ'ব। অনুষ্ঠানৰ তিনিও নিশা তিনিখনি ভাওনা ক্রমে "ৰাম-বিজয়', 'কৰুক্মিণী-হৰণ আৰু "দক্ষ-যজ্ঞ (সতী)" কুটুম্ব সুৰক্ষা পৰিষদৰ কাৰ্যকৰ্তা সমূহৰ লগতে অনান্য সাংস্কৃতিক কর্মীসমূহে প্ৰদৰ্শন কৰিব।

উল্লেখযোগ্য যে তৃতীয় দিনা পুৱা ভাগতে অনুষ্ঠান স্থলীৰ পৰা নৱ-নির্মিত শ্ৰীৰাম মন্দিৰলৈকে এক সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হৈছে আৰু দুপৰীয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সাধু-সন্ত-মহন্ত সমূহৰ এখনি বিশেষ সম্মিলনৰো ব্যৱস্থা কৰা হৈছে।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিক এক সংবাদ মেল যোগে কুটুম্ব সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাষ্ট্ৰবাদী নেতা সত্য ৰঞ্জন বৰাই লগতে এই কথাও জনায় যে উত্তৰ প্ৰদেশৰ অযোধ্যাত আয়োজন হ'বলগীয়া ৰাষ্ট্ৰীয় শৈক্ষিক সম্মিলন খনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ড. কামেশ্বৰ শুক্লাৰ নেতৃত্বত আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড. মহাশ্বেতা দেরী, শ্রীমন্ত শংকৰদেৱ আসন, পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ সংযোজক অধ্যাপক ড০ য়োজনা ৰাৱট, অযোধ্যাৰ ড০ ৰামমোহন লহিয়া অবোধ বিশ্ববিদ্যালয় সহকাৰী অধ্যাপক ড. সালিনী সিং আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ গৱেষক ছাত্র দেৱর্ষী অধিকাৰীৰ সহযোগত পৰিচালনা কৰা হ'ব।

ইয়াৰোপৰি শৈক্ষিক সম্মিলন খনিত প্রদান কৰা গৱেষণা পত্ৰ সমূহৰ মাজৰ পৰা নিৰ্বাচিত পত্ৰৰ হিন্দী আৰু ইংৰাজী ভাষাত ISBN সহ দুখনকৈ সংকলন গ্ৰন্থ প্ৰকাশ কৰা হ'ব। লগতে, প্রকাশিত হ'ব হিন্দী আৰু ইংৰাজী ভাষাত দুখনকৈ আলোচনী আৰু আলোচনী দুখন সম্পাদনা কৰিব ক্রমে বিবেক কুমাৰ মিশ্ৰ আৰু জ্যোতির্ময় শর্মাই।

সংবাদ মেলৰ জড়িয়তে পৰিষদৰ সভাপতি শ্ৰীবৰাই ২০২৪ বৰ্ষৰ বাবে পৰিষদৰ "বঁটা আৰু সন্মান" লাভ কৰা ব্যক্তি সকলৰ নাম সমূহো ঘোষণা কৰে। তেখেত সমূহ হ'ল- "সনাতন সূর্য" বঁটা প্রাপক শ্রীমুকুন্দ্র চন্দ্র গোস্বামী (সত্ৰাধিকাৰ, দিনজয় সত্ৰ); "সূত্ৰধাৰ বঁটা' প্ৰাপক শ্রীকৃষ্ণ গোস্বামী (সত্রীয়া সাংস্কৃতিক শিল্পী, মাজুলী); মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃত সেৱা সন্মান প্রাপক অধ্যাপক ড. কামেশ্বৰ শুক্লা (অধ্যাপক-গৱেষক, সংস্কৃত বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়); মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ সাহিত্য সেৱা সন্মান প্রাপক ড. সঞ্জীৱ কুমাৰ বৰকাকতী (বিশিষ্ট লেখক-গৱেষক, শংকৰদেৱ দৰ্শন); "সংস্কৃতি সাধনা বঁটা প্ৰাপক শ্ৰী ৰামচৰণ ভৰালী (বিশিষ্ট লোক-শিল্পী, নাগাৰা নাম); "সমন্বয় সেতু বন্ধন বঁটা" প্রাপক শ্রীঅশোক দাস (ভুৱনেশ্বৰ, উড়িষ্যা), শ্রীইন্দ্ৰদেৱ জী (অযোধ্যা) আৰু শ্রীমুস্তাফা কামাল আজহাৰী (অসম); আৰু "হিন্দু চেতনা বঁটা প্রাপক শ্ৰীৰাহুল ৰাভা (যুর সমাজ সেরক, বকো, অসম)। এইবেলি পৰিষদে বৈষ্ণৱ পণ্ডিত শ্রীহেমভাইক "মহীৰূহ"; আৰু অসমৰ ভক্তি সঙ্গীতৰ জগতখনলৈ অনন্য সেৱা আগবঢ়োৱাৰ বাবে লোকশিল্পী অমিয়া নেওগ কলিতাক "তেজস্বীনি" উপাধি প্রদান কৰিব বুলিও বৰাই সংবাদ মেলত ঘোষণা কৰে।

সংবাদ মেলৰ শেষত পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই সমূহ অসমবাসী ৰাইজৰ পৰা আর্থিক, মানসিক, শৈক্ষিক, বৌদ্ধিক সহায়-সহযোগিতাৰ লগতে অনান্য সকলো ধৰণৰ দিহা-পৰামৰ্শ কামনা কৰি ইচ্ছুক সমূহক xutradharksp@gmail.com ত ই-মেইল কৰিবলৈ নাইবা ৯৮৬৪৩৫১৭৮৫, ৭০৯৯০১৬৫২২, ৮১৩৫৯৫৭৪৫৯ আৰু ৭০০২৪৪০৬৩৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

অযোধ্যাত কুটুম্ব সুৰক্ষা পৰিষদৰ বৃহৎ "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন"...
গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in