ব্ৰিটেইনত দীৰ্ঘদিনৰ মূৰত শাসনলৈ লেবাৰ পাৰ্টি...

ব্ৰিটেইনত দীৰ্ঘদিনৰ মূৰত শাসনলৈ লেবাৰ পাৰ্টি...
Published on
Updated on

ডিজিটেল ডেস্কঃ অৱশেষত ১৪বছৰৰ পিছত লেবাৰ পাৰ্টিৰ শাসনলৈ আহিল বিট্ৰেইন। ৬৫০খন আসনৰ ৪০৯ আসনতেই জয়লাভ কৰিছে লেবাৰ পাৰ্টিয়ে। কেইৰ ষ্টাৰমাৰ হ'ব বিট্ৰেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। উল্লেখযোগ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিৰ প্ৰাৰ্থী তথা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকে পৰাজয় স্বীকাৰ কৰে।

ব্ৰিটেইনৰ নিৰ্বাচনী পৰম্পৰা অনুসৰি, এটা দলে মুঠ ৬৫০ খন আসনৰ ভিতৰত ৩২৬ খন আসনত জয় লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে আৰু সেই দলৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰী হিচাপে চৰকাৰ গঠন কৰিব পাৰে। সেই অনুসৰি বিট্ৰেইনত এইবাৰ চৰকাৰ গঠন কৰিব লেবাৰ পাৰ্টিয়ে। এইবাৰ নিৰ্বাচনত সৰ্বাধিক ৯৮ টা দলে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৪ হাজাৰ ৫১৫গৰাকী।

উল্লেখযোগ্য যে ঋষি চুনাক বেট্ৰেইনৰ প্ৰথমগৰাকী ভাৰতীয়মূলৰ প্ৰধানমন্ত্ৰী আছিল। এই পৰ্যন্ত কনজাৰ্ভেটিভ পাৰ্টিয়ে ১২০খন আসন লাভ কৰিছে। আনহাতে লিব ডেম পাৰ্টিয়ে লাভ কৰিছে ৭১ খন আসন। এছ এন পি দলে লাভ কৰিছে ৮খন আৰু অন্যান্য দলে লাভ কৰিছে ৩৩খন আসন।

ব্ৰিটেইনত দীৰ্ঘদিনৰ মূৰত শাসনলৈ লেবাৰ পাৰ্টি...
কাৰিগাঁৱত আদৰণি তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in