ডিজিটেল ডেস্ক: লাডাখৰ তুৰটুক চেক্টৰত নুব্ৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শুকুৰবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় ৭ জনকৈ সেনা জোৱানৰ।
জানিব পৰা মতে পুৱা ৯ বজাত লাডাখৰ পৰতাপুৰৰ ট্ৰাঞ্জিক কেম্পৰ পৰা ২৬ জনকৈ সেনা লৈ এখন বাহন হনীফ সব চেক্টৰৰ অগ্ৰিম চৌকী লৈ গৈ আছিল। কিন্তু এই বাহনখন ৰাজপথৰ পৰা পিছলি ৫০-৬০ ফুট দ নদীত পৰে।
আটাইবোৰকে হস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান সময়লৈকে ৭ জন জোৱানৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বাকী ১৯ জনৰ চিকিৎসা চলি আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই পথ দুৰ্ঘটনা সন্দৰ্ভত দুখ ব্যক্ত কৰে। লগতে আহত লোকসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।মোডীয়ে কয় যে,"লাডাখৰ পথ দুৰ্ঘটনাই মোক মৰ্মাহত কৰিছে।যত আমি আমাৰ সাহাসী সৈণিক সকলক হেৰুৱাই পেলালো।শোকসন্তপ্ত পৰিয়াললৈ মোৰ শুভকামনা। মই আশা কৰো আহত লোক সকল সোনকালে সুস্থ হৈ উঠক। প্ৰভাৱিত সকলক সকলোধৰণৰ সহায় কৰা হ'ব"।
Anguished by the bus accident in Ladakh in which we have lost our brave army personnel. My thoughts are with the bereaved families. I hope those injured recover at the earliest. All possible assistance is being given to the affected.
— Narendra Modi (@narendramodi) May 27, 2022
আৰু পঢ়ক: বিতৰ্কৰ অন্ত?যৌনতাত আইনৰ মোহৰ…