লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সভা, ঢকুৱাখনা শাখা সমিতি গঠন...

লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সভা, ঢকুৱাখনা শাখা সমিতি গঠন...

author-image
Asomiya Pratidin
New Update
লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সভা,  ঢকুৱাখনা শাখা সমিতি গঠন...

ডিজিটেল সংবাদ ঢকুৱাখনা:  লখিমপুৰ জিলাৰ সীমাহীন জলন্ত অভাৱ সমস্যাৰ সদৰ্ভত ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰা , জিলাখনৰ সৰ্বাংগীন উন্নয়ন বিকাশ তৰান্বিত কৰাৰ স্বাৰ্থত আত্মপ্ৰকাশ কৰি আহিছে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে ।  জিলাখনৰ অন্যতম মহকুমা ঢকুৱাখনাৰ প্ৰশাসনিক এলেকা সামৰি জিলা সমিতিৰ এটা শাখা গঠনৰ লক্ষ্যৰে দেওবাৰে অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভা ।

ঢকুৱাখনা নগৰৰ ফাটবিহু বাকৰিত দেওবাৰে দুপৰীয়া অনুষ্ঠিত হয় এই ৰাজহুৱা সভা । এই সভাত পৌৰহিত্য কৰে বিশিষ্ট নাগৰিক কুশল গগৈয়ে । মহকুমাৰ শতাধিক সচেতন নাগৰিক  উপস্থিত থকা সভাত জিলা সমিতিৰ সম্পাদক মহম্মদ চাজাদ হাজৰিকাই  প্ৰথমে  সচেতন মঞ্চৰ লক্ষ্য উদেশ্য আৰু কৰণীয়তাৰ  সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায় ।

ইয়াৰ পাছতে নাগৰিক সমাজৰ জিলাসভাপতি ৰেৱত গগৈয়ে  সমগ্ৰ ভৌগলিক পৰিসৰ সামৰি সাংগঠনিক ভেঁটি বৃদ্ধিৰ প্ৰাসংগিকতা সন্দৰ্ভত চমু অবলোকন কৰে। সভাত হৰিনাৰায়ন গগৈ , ভোলা নাথ গগৈ , পূৰ্ণানন্দ গগৈ , গোবিন বৰুৱা , ভদ্ৰ গগৈ , তুলসী প্ৰসাদ শইকীয়া , মঞ্জু গগৈ আদি গৰিষ্ঠ সংখ্যক নাগৰিকে বক্তব্য আগবঢ়াই এখন স্বতন্ত্ৰ আৰু অৰাজনৈতিক সমাজ গঠনৰ পোষকতা কৰে । সভাতেই কুশল গগৈক মুখ্য উপদেষ্টা , ভোলা নাথ গগৈক সভাপতি আৰু দাদু দত্তক সাধাৰণ সম্পাদক হিচাবে লৈ এখন ৩১ জনীয়া শাখা সমিতি গঠন কৰা হয় ।

লখিমপুৰ জিলা