/asomiyapratidin/media/media_files/2025/08/03/fddddddd-2025-08-03-15-51-39.jpg)
ডিজিটেল ডেস্কঃ নিজৰ গৃহ জিলাতে উপেক্ষিত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা। লখিমপুৰ কংগ্ৰেছৰ ভিতৰচ'ৰাত আৰম্ভ বিসম্বাদ। জিলাখনত ভূপেন বৰাৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ বিতৰ্কিত গংগাজ্যোতি টায়েগামক জিলা সভাপতিৰ দায়িত্ব দিয়া বুলি উত্থাপিত হৈছে অভিযোগ।
সভাপতি গৌৰৱ গগৈৰ সিদ্ধান্তক লৈ লখিমপুৰ কংগ্ৰেছৰ ভিতৰচ'ৰাত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া। দলীয় সকলো নেতা-কৰ্মীৰ তীব্ৰ বিৰোধিতা স্বত্ত্বেও গংগাজ্যোতি টায়েগাম নামৰ লোকজনক সভাপতি পতা বুলি অভিযোগ একাংশ কংগ্ৰেছীৰ। উল্লেখ্য যে, পূৰ্বে লখিমপুৰ জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আছিল গংগাজ্যোতি টায়েগাম। গংগাজ্যোতিৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে তেওঁক অপসাৰণ কৰাৰ দাবীত লখিমপুৰ কংগ্ৰেছৰ প্ৰায় সকলো বিষয়-ববীয়াই APCC ৰ তেতিয়াৰ সভাপতিক দিছিল পত্ৰ।
গংগাজ্যোতিক অপসাৰণ কৰাৰ দাবীত জিলা কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ উপ-সভাপতি, সাধাৰণ সম্পাদক, সামাজিক মাধ্যমৰ সভাপতি, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী, NSUI, যুৱ কংগ্ৰেছৰ সভাপতি, কেইবাগৰাকীও ব্লক সভাপতিয়েও দিছিল পত্ৰ। কিন্তু এতিয়া দলীয় নেতা-কৰ্মীক উপেক্ষা কৰি সেইজন গংগাজ্যোতিক জিলা সভাপতিৰ দায়িত্ব দিয়াত ভিতৰি ক্ষুব্ধ হৈ পৰিছে জিলাখনৰ তৃণমূল কংগ্ৰেছ কৰ্মীসকল। ভূপেন বৰাৰ গৃহ সমষ্টিত APCCৰ সদ্য প্ৰাক্তন সভাপতি গৰাকীক গৌৰৱ গগৈয়ে উপেক্ষা কৰাটোকো সহজভাৱে ল'ব পৰা নাই বহু নেতা-কৰ্মীয়ে। এনেদৰে এতিয়া জিলা সভাপতিক লৈ লখিমপুৰ কংগ্ৰেছত উমি উমি বিদ্ৰোহৰ জুই জ্বলা পৰিলক্ষিত হৈছে।