জাহাঙ্গীৰ হত্যাকাণ্ডঃ সুনীল গগৈৰ ৪ আত্মীয়ক লখিমপুৰত জেৰা চি আই ডিৰ

কাহিলিপাৰাৰ ফৰেণ্সিক গৱেষণা গাৰৰ দলে কৰিছে সহযোগিতা
জাহাঙ্গীৰ হত্যাকাণ্ডঃ সুনীল গগৈৰ ৪ আত্মীয়ক লখিমপুৰত জেৰা চি আই ডিৰ
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা : পুনৰ গতি লৈছে ঢকুৱাখনাৰ লোমহৰ্ষক জাহাঙ্গীৰ হুছেইন হত্যাকাণ্ডই।  সুদীর্ঘদিন এই নৃশংস হত্যাকাণ্ডৰ তদন্তই গাপ মাৰি থকাৰ পাছত সোমবাৰৰ পৰা নতুন গতি লৈছে এই তদন্তই। চি আই ডিৰ তদন্তকাৰী বিষয়া ৰবীন ডেকাৰ নেতৃত্বত সোমবাৰে এটা ৪ জনীয়া ফৰেণ্সিক গৱেষণাগাৰৰ দলে সুনীল গগৈৰ বাসগৃহত উপস্থিত হয়।

অত্যাধুনিক কৌশল প্ৰয়োগেৰে সুনীল গগৈ আৰু অন্য ব্যক্তিৰ ফিংগাৰপ্ৰিন্ট সংগ্ৰহৰ পাছত মঙলবাৰে পুনৰ তদন্ত অব্যাহত ৰাখে দলটোৱে। মঙলবাৰে হত্যাকাণ্ড সংঘটিত হোৱা দিনৰে পৰা সন্ধানহীন সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ, ককায়েক হেমন্ত গগৈ, ভতিজাক জয়ন্ত গগৈ, হালপতিয়েক বিবিধ গগৈ আৰু সুনীল গগৈৰ নিকট আত্মীয়  জিন্টু চমুৱাক ঢকুৱাখনা আৰক্ষী থানালৈ তলব কৰে।

মঙলবাৰে পুৱা ১১ বজাত উক্ত ব্যক্তি সকল সদৰ থানাত উপস্থিত হোৱাৰ পাছতেই তদন্তকাৰী দলটোৱে সকলোকে লখিমপুৰ জিলা সদৰলৈ লৈ যায়। লখিমপুৰ আৰক্ষী আৱৰ্ত ভৱন প্ৰাংগনত সকলোকে পৃথকে পৃথকে জেৰা চলাই তদন্তকাৰী আৰক্ষী আৰু ফৰেইঞ্চিক দলটোৱে।নিশা পৰ্যন্ত জেৰা চলোৱাৰ পাছত পুনৰ স্বগৃহলৈ পঠোৱা হয় সকলোকে। ফৰেণ্সিক দলটোৱে ই বি পি পদ্ধতি ব্যৱহাৰ কৰি হত্যাকাণ্ডৰ ক্লু উলিওৱাৰ আপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে।

ইপিনে বিশেষ সূত্ৰে জনোৱা মতে মৃতক ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনক সন্ধানহীন সুনীল গগৈৰ ঘৰত হত্যা কৰাৰ আশঙ্কা কৰি মৃতকৰ লগতে অন্য সহযোগী হত্যাকাৰীক চিনাক্ত কৰাৰ বাবে ফৰেণ্সিক দলে সোমবাৰে সুনীলৰ ঘৰৰ বেৰ,দুৱাৰ,বিচনা,চকীৰ লগতে অন্য সামগ্ৰীৰ পৰা ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰা বুলি জানিবলৈ দিছে। সূত্ৰটোৱে জনোৱা মতে সুনীল আৰু সহযোগীৰ জৰিয়তে ৰাজমিস্ত্ৰী জাহাঙ্গীৰক নিৰ্মম ভাবে হত্যা কৰাটো তদন্তকাৰী আৰক্ষী পতিয়ন গৈছে।

এই ক্ষেত্ৰত সহযোগী সকলক চিনাক্ত কৰাৰ বাবে তদন্তকাৰী আৰক্ষীয়ে নিত্য নতুন কাৰিকৰী পন্থা অৱলম্বন কৰা বুলিও জনাইছে। সূত্ৰটোৱে অনতিপলমে এই হত্যাকাণ্ডৰ সৈতে জড়িত সহযোগী আৰু মূল হত্যাকাৰীক চিনাক্ত কৰিবলৈ তদন্তকাৰী বিষয়া সক্ষম হব বুলিও জনাইছে।কেৱল তদন্তৰ নামতে সুদীর্ঘ দিন কটোৱা চি আই ডিৰ এনে ধাৰাবাহিক তদন্তৰ পাছতো ইস্পিত ন্যায় প্ৰাপ্তিৰ পৰা সুনীলৰ পৰিয়াল বঞ্চিত হোৱাত এই প্ৰক্ৰিয়াৰ প্ৰতি বিতশ্ৰদ্ধ হৈ পৰিছে সুনীলৰ পত্নী পুষ্পা গগৈ।

সংবাদ মাধ্যমৰ আগত নিজস্ব প্ৰতিক্ৰিয়া ব্যক্ত কৰি দুৰ্ভগীয়া গগৈয়ে কয় যে,তদন্তৰ নামত কেৱল তেওঁলোকৰ পৰিয়ালটোকে হাৰাশাস্তি ভোগাই আহিছে।একমাত্ৰ পুত্ৰৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰাচন্ন কৰি আহিছে। আৰ্থিক ভাৱে যন্ত্ৰণা ভোগাই আহিছে। চি আই ডিৰ তদন্তক লৈ আশাভ্রষ্ট হোৱা বুলি কৈ পুষ্পা গগৈয়ে যদি সুনীল গগৈ প্ৰকৃত হত্যাকাৰী বুলি আৰক্ষীয়ে প্ৰমাণ পাইছে পতিয়ন যোগ্য প্ৰমাণ দি গ্ৰেপ্তাৰ কৰক ,চৰম শাস্তি দিয়ক।

যদি জীয়াই আছে উলিয়াই দিয়ক । কিন্তু অযথা সৰ্বশ্ৰান্ত পৰিয়ালটোক মানসিক হাৰাশাস্তি ভোগোৱা বন্ধ কৰক। ঘৰখনৰ মুৰব্বীজনৰ অনুপস্থিতিত যিমান যন্ত্ৰণা ভুগিছোঁ তাতকৈ বেছি যন্ত্ৰণা আৰক্ষীৰ তদন্তৰ নামত ভোগা বুলি কৈ দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক কৰযোৰে প্ৰাৰ্থনা জনায় সুনীল পত্নীয়ে।

জাহাঙ্গীৰ হত্যাকাণ্ডঃ সুনীল গগৈৰ ৪ আত্মীয়ক লখিমপুৰত জেৰা চি আই ডিৰ
অসমৰ পৰিবহন-মীন-জলপৰিবহন আৰু বিজ্ঞান প্ৰযুক্তিৰ প্ৰকল্প আঁচনি ৰূপায়ণত কেন্দ্ৰৰ সঁহাৰি প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in