অসমৰ নতুন ৰাজ্যপাল...

অসমৰ নতুন ৰাজ্যপাল...
Published on
Updated on

ডিজিটেল ডেস্কঃ সলনি হ'ল ৯খন ৰাজ্যৰ ৰাজ্যপাল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পুডুচেৰীৰ বাবে এজন নতুন উপ ৰাজ্যপালও নিযুক্ত কৰে। এই ৯খন ৰাজ্যৰ তালিকাত আছে অসমৰ নামো। অসমে পালে ৰাজ্যৰ অষ্টমগৰাকী ৰাজ্যপাল। অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্ত হৈছে লক্ষ্মণপ্রসাদ আচাৰ্য। কোন এই লক্ষ্মণপ্ৰসাদ আচাৰ্য?

উত্তৰ প্ৰদেশৰ লক্ষ্মণপ্ৰসাদ আচাৰ্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ভাৰতীয় জনসংঘৰ লগত জড়িত আছিল। পৰৱৰ্তী সময়ত জনতা পাৰ্টিৰ সৈতেও জড়িত আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য।

জনতা পাৰ্টি ভংগ হৈ ভাৰতীয় জনতা পাৰ্টি গঠনৰ সময়ৰ পৰাই বিজেপিৰ সদস্য হিচাপে ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰে লক্ষ্মণ প্ৰসাদ আচাৰ্য।

উল্লেখযোগ্য যে ১৯৯০ চনত আচাৰ্য বিজেপি ৰামনগৰ অঞ্চল বাৰাণসীৰ সংমণ্ডলৰ সভাপতি আছিল। ইয়াৰ পাছত ১৯৯৫ চনত তেওঁ বিজেপিৰ পূৰ্বৰ সংযুক্ত জিলা বাৰাণসী (বাৰাণসী আৰু চণ্ডাউলি)ৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হৈছিল।

১৯৯৬ চনত আচাৰ্যক বাৰাণসী জিলাৰ বিজেপিৰ জিলা সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁৰ নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ বাবেই উত্তৰ প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী কল্যাণ সিঙে উত্তৰ প্ৰদেশ মীন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল।

ইয়াৰোপৰি ২০০২ চনত আচাৰ্যই বিজেপিৰ কাশীক্ষেত্ৰৰ আঞ্চলিক মন্ত্ৰী হিচাপে পদোন্নতি লাভ কৰিছিল। ২০০৪ চনত আচাৰ্যক উত্তৰ প্ৰদেশৰ বিজেপি অনুসূচিত জাতি জনজাতি শাখাৰ ৰাজ্যিক সভাপতি আছিল।

এই সমচোৱাত আচাৰ্যই ৰাজ্যখনৰ অনুসূচিত জাতি জনজাতি জনসংখ্যাৰ উত্থানৰ বাবে ব্যাপকভাৱে কাম কৰিছিল আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে সদায় মাত মাতি গৈছিল।

উল্লেখ্য যে তেওঁ বিজেপিৰ উত্তৰ প্ৰদেশ ৰাজ্যিক কমিটিৰ উপ-সভাপতি আৰু উত্তৰ প্ৰদেশ কাশীক্ষেত্ৰ বিজেপিৰ সভাপতি পদতো অধিষ্ঠিত হৈ আছিল। ২০১৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ সময়তো আচাৰ্য কাশীক্ষেত্ৰ বিজেপিৰ সভাপতি আছিল।

আচাৰ্যৰ অধীনত কাশীক্ষেত্ৰৰ ১৬খন জিলাত বিজেপিয়ে ৭১খন আসনৰ ভিতৰত ৫৪খন আসন লাভ কৰিছিল। ২০১৮ চনত আচাৰ্যই বিজেপি উত্তৰ প্ৰদেশৰ উপ-সভাপতি পদলৈ পদোন্নতি লাভ কৰিছিল। সেই বছৰতে তেওঁ ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে নৰেন্দ্ৰ মোডীৰ সংসদীয় আসন বাৰাণসীৰ আহ্বায়ক হিচাপেও নিযুক্তি লাভ কৰিছিল। বাৰাণসী আসনত ৪.৮০ লাখ ভোট লাভ কৰি নৰেন্দ্ৰ মোডীয়ে বিজয় সাব্যস্ত কৰিছিল।

২০২০ চনৰ আগষ্ট মাহত লক্ষ্মণ প্ৰসাদ আচাৰ্য বিজেপিৰ সদনৰ (বিধান পৰিষদ) উপ-নেতা হিচাপে নিযুক্ত হৈছিল। ২০২১ চনৰ ১৫ জানুৱাৰীত আচাৰ্যক দ্বিতীয়বাৰৰ বাবে সদনৰ উপ-নেতা হিচাপে নিযুক্তি দিছিল। ২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত বিধান পৰিষদৰ পদ ত্যাগ কৰি তেওঁ ২০২৩ চনৰ পৰা ২০২৪ চনলৈ ছিকিমৰ ১৭ সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

উল্লেখযোগ্য যে বর্তমানৰ ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

অসমৰ নতুন ৰাজ্যপাল...
অসমীয়া ৰাজ্যপাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in