বটদ্রৱাৰ বিভিন্ন ঠাইত লক্ষ্মী পূৰ্নিমা উদযাপন...

author-image
Asomiya Pratidin
New Update
বটদ্রৱাৰ বিভিন্ন ঠাইত লক্ষ্মী পূৰ্নিমা উদযাপন...

batradava

ডিজিটেল সংবাদ বটদ্রৱাঃ সমগ্র দেশৰ লগতে নগাঁও জিলাৰ বটদ্রৱাৰ বিভিন্ন ঠাইটো বিভিন্ন কাৰ্যসূচীৰে দেওবাৰে নিশা লক্ষ্মী পূৰ্নিমা উদযাপন কৰা হয়। বৃহত্তৰ বটদ্রৱাৰ শলগুৰি সত্রৰ প্রবেশদ্বাৰৰ সন্মুখ ভাগত, পুৰণি বাছ আস্থানত, শান্তিজানৰ পাৰত, ৰাইদঙীয়া ভাটিখণ্ড, ৰজাগাঁও, বড়িগাঁও, কৰচোং, শ্যামকলীয়া, আইভেটি, নসত্র, ভোমোৰাগুৰি, ভেটিয়নী, ডুমডুমীয়া, বালিসত্র, জাজৰি আদি ঠাইত বন্তি প্রজ্বলন, দিহানাম আদি বিভিন্ন কাৰ্যসূচীৰে লক্ষ্মী পূৰ্নিমা উদযাপন কৰা হয়।

বটদ্রৱাৰ শলগুৰি সত্রৰ প্রবেশদ্বাৰৰ সন্মুখত সন্ধ্যা বন্তি প্রজ্বলনৰ পাছতে ভোমোৰাগুৰি গাঁৱৰ যুৱক-যুৱতীসকলে দিহানমা পৰিবেশন কৰে। ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ নামত উৎসৰ্গিত লক্ষ্মী পূৰ্নিমা উপলক্ষে বৃহত্তৰ অঞ্চলটোৰ প্রতিটো ব্যৱসায়িক প্রতিষ্ঠান, দোকান-পোহাৰ, গৃহস্থৰ পদূলিয়ে পদূলিয়ে আৰু শস্য পথাৰত বন্তি প্রজ্বলন কৰে।

nagaoan BATRADAVA