লামডিং বনাঞ্চলত হাতে সজা বন্দুক সহ সজীৱ গুলী উদ্ধাৰ...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, লংকা: লংকাত শুকুৰবাৰে নিশা জিলা অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী পল্লৱ তামুলীৰ নেতৃত্বত বৃহৎ জিলা আৰক্ষী দলে এক অভিযান চলায়। অভিযানত লামডিং বনাঞ্চলৰ পৰা ৫টাকৈ হাতে সজা বন্দুক সহ সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত বৰ্তমানৰ লৈকে আৰক্ষীয়ে কোনো ব্যক্তিক আটক কৰা নাই। অস্ত্ৰসমূহ লুকুৱাই থোৱা অৱস্থাত উদ্বাৰ কৰে আৰক্ষীয়ে। উক্ত অভিযানত জিলা অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী সহ উপ আৰক্ষী অধীক্ষক শ্যামন্ত শৰ্মা আৰু হোজাই জিলা আৰক্ষীৰ এটা দল উপস্থিত থাকে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in