মেঘালয়ত ভূমিস্খলনঃ উটুৱাই নিয়ে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ

মেঘালয়ত ভূমিস্খলনঃ উটুৱাই নিয়ে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত পুনৰ ব্যাপক ভূমিস্খলন সংঘটিত হৈছে। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ লুমছঙ এলেকাত পাহাৰৰ খহি পৰাত ৬নং শিলচৰ-শ্বিলঙ-গুৱাহাটী ৰাষ্ট্ৰীয় পথটোৰ বৃহৎ অংশ এটা ছিঙি লৈ যায়। ফলত পথটো সম্পুৰ্ণ বন্ধ হৈ পৰে।

গুৰুত্বপূৰ্ণ যে এই ৰাষ্ট্ৰীয় পথটো বন্ধ হোৱাৰ ফলত পথটোৰ‌ দুয়োফালে হাজাৰ হাজাৰ যান-বাহন আৱদ্ধ হৈ পৰিছে। ইফালে, পথটো বন্ধ‌ হোৱাৰ ফলত বৰাক উপত্যকা সহ চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা দেশৰ বাকী অংশৰ সৈতে যাতায়ত বিচ্ছিন্ন হৈছে।‌

পথটো মেৰামতি নোহোৱা পৰ্যন্ত পথটোৰে যাতায়ত বন্ধ কৰি দিছে জিলা প্ৰশাসনে। পথত আৱদ্ধ লোকসকলক উদ্ধাৰৰ‌ ক্ষেত্ৰত অথবা যিকোনো জৰুৰী কামৰ বাবে লুমছূঙ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ 6909316114 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ ইষ্ট জয়ন্তীয়া হিলচ জিলাৰ আৰক্ষীয়ে ৰাইজক আহ্বান জনাইছে।

মেঘালয়ত ভূমিস্খলনঃ উটুৱাই নিয়ে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ
বটদ্ৰৱাত দূৰ্ঘটনাঃ দ' খাৱৈত সোমাল বাহন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in