ডিজিটেল সংবাদ, কোকৰাঝাৰ: বিটিচি নিৰ্বাচনৰ পূৰ্বে বিপিএফ আৰু ইউপিপিএল দল একগোট হ'ব নেকি বুলি চৰ্চা অব্যাহত থকাৰ সময়তে মঙলবাৰে কোকৰাঝাৰত ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিপিএফ -ইউপিপিএলৰ দৰে আঞ্চলিক দলসমূহ একগোটৰ পোষকতা কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে মন্তব্য দিয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুয়োটা দল একগোট হলেও বিজেপিৰ কোনো ক্ষতি নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।
বিষয়টোক লৈ বিটিচিত চৰ্চা অব্যাহত থকাৰ পিছত আজি কোকৰাঝাৰত ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে পূৰ্বৰে পৰা বড়ো সমাজে আঞ্চলিক দল একগোট হ'ব লাগে বুলি আহ্বান জনাই আহিছিল। তদুপৰি তেওঁ নিজে যেতিয়া সংগঠনত আছিল তেতিয়াও এনে আহ্বানে জনোৱা হৈছিল আৰু এই সন্দৰ্ভত গোৱা আৰু নতুন দিল্লীত বৈঠক সম্পন্ন হৈছিল বুলি প্ৰকাশ কৰিছে লৰেঞ্চ ইছলাৰীয়ে। বিটিআৰ চুক্তি ৰূপায়নৰ স্বাৰ্থত আঞ্চলিক দল একগোট হ'লে ভাল বুলি ভাৱো আৰু কোনোবাই যদি আঞ্চলিক দল বিলাকক একগোট কৰিব পাৰে তাত আমাৰ আপত্তি নাই বুলি সদৰি কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে।
ইপিনে আজি " বিশ্বজিতক চিইএম পতাৰ ব্লুপ্ৰিণ্ট বিজেপিৰ…" বাতৰিৰ আঁত ধৰি সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে সকলো গণতান্ত্ৰিক দলেৰে নিৰ্বাচন খেলাৰ অধিকাৰ আছে। নিৰ্বাচন নেখেলিলে যিকোনো দলৰে অস্তিত্ব নাথাকিব। সংখ্যাৰ ফালৰ পৰা যদি কোনো দলে চৰকাৰ গঠন কৰিব পাৰে তেন্তে স্বাভাৱিকতে সেই দলৰ পৰাই চিইএম নিৰ্ধাৰণ কৰিব। অৱশ্যে যদিহে মিত্ৰতা থাকে তেতিয়াহলে আলোচনাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। বিটিচি গঠন হোৱাৰে পিছৰে পৰা ইয়াত বিজেপি , কংগ্ৰেছকে ধৰি আন ৰাজনৈতিক দলসমুহে নিৰ্বাচন খেলি আহিছে। ২০২৫ চনৰ বিটিচি নিৰ্বাচনত কিছুমান দলে অকলশৰীয়াকৈ খেলিব পাৰে , কিছুমানে মিত্ৰতাৰে খেলিব পাৰে। অকলে খেলিলে ৪০খন আসনৰ ভিতৰত কিমান আসন লাভ কৰিব, মিত্ৰতাত খেলিলে কিমান আসন লাভ কৰিব, সেয়া সকলো অংক কৰিহে ৰাষ্ট্ৰীয় বা আঞ্চলিকদলসমুহে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব আৰু ইয়াত একো অস্বাভাৱিক নাই বুলি মন্তব্য কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে। উল্লেখ্য যে বিষয়টোক কৈ বাদানুবাদ অব্যাহত আছে যদিও বিপিএফ দলে এতিয়ালৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।
Also Read: পুৰণিক আদৰ! দুকুৰিৰো অধিক কাল দলক দিয়া নেতাক বিজেপিৰ টিকট...