ডিজিটেল সংবাদ, ৰঙিয়া: নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ৰঙিয়াত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিবাদী মৌন সমদল উলিয়ায়। হাতে হাতে মমবাতি লৈ দেশ জোঁকাৰি যোৱা ধৰ্ষণ কাণ্ডক লৈ মহিলাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত মমবাতি লৈ ৰঙিয়া নগৰৰ মুল পথসমুহেৰে প্ৰতিবাদী মৌন সমদল উলিয়ায়। আনহাতে ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।হিন্দু নাবলিকাক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱা কাৰ্য্যক লৈ প্ৰতিবাদ কৰি।ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবী তুলি ৰঙিয়াৰ ৰাজপথ উত্তাল কৰি তোলে।
Also Read: 'নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত চৰকাৰে পালন কৰিব শূন্য সহনশীল নীতি'