লাকুৱাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী...

লাকুৱাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

author-image
Asomiya Pratidin
New Update
চানমাৰিত অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰিল ছাত্ৰীঃ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি...

ei muhurtar khabar

ডিজিটেল সংবাদ, চৰাইদেউঃ লাকুৱা লাখমনিঘাট সমীপৰ দিহিঙ্গীয়া কোঁৱৰ গাঁৱত ১২ জুলাইত এটা নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হৈছিল ৷ দেওবাৰে নিশা পুনৰ গাঁওখনত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকী৷ দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলত এই বাঘটোৱে এক‌ আতংকময় পৰিৱেশ সৃষ্টি কৰিছিল ৷

অঞ্চলটোৰ ৰাইজৰ বহু পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰা লগতে অনিষ্টসাধন কৰি আহিছিল ৷ নিশা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ বিয়পি পৰা পাছতেই নাহৰফুটুকীটো চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷ ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোক উদ্ধাৰ  কৰি সোনাৰি নাফুকস্হিত কাৰ্যালয়লৈ লৈ যায় ৷

Also Read: তিতাবৰ সীমান্তত প্ৰবল বৃষ্টিপাতঃ বৰহোলাত মথাউৰি ভাঙি বালিয়ে পুতিলে শ শ বিঘা কৃষিভূমি...

lakua