ডিজিটেল সংবাদ, বেবেজীয়া : ৰাজ্যৰ আন জিলাৰ লগতে নগাঁও জিলাতো কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় । বুধবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ২০২৪ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয় ।
লগতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ ভূপেন চন্দ্ৰ বৰাৰ সভাপতিত্বত এখনি কুষ্ঠৰোগ সজাগতা সভা অনুস্থিত কৰা হয়। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভালেসংখ্যক লোক।
অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক (কুষ্ঠৰোগ) তথা ৰাজ্যিক কুষ্ঠৰোগ বিষয়া ডা০ চিন্তা ৰাম হাজৰিকা , নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ ফণী পাঠক, জ্যেষ্ঠ চিকিৎসা বিষয়া ডা০ দিলিপ শৰ্মা , নগাঁও জিলাৰ মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা০ বীণাপাণি নেওগ, অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা০ কবিতা বৰুৱা , জিলা ইউমুনাইজেচন বিষয়া ডা০ মুকুট ডেকা , জিলা কুষ্ঠৰোগ বিষয়া ডা০ গোপাল চন্দ্ৰ ৰয়, জিলা যক্ষ্মা ৰোগ বিষয়া ডা০ গুলজাৰ হুছেইন , মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা০ মধুমিতা বৰা প্ৰমুখে নগাঁও জিলাৰ বিভিন্ন বিষয়া কৰ্মচাৰীৰ লগতে নগাঁও জিলাৰ কুষ্ঠৰোগ বিভাগৰ সকলো বিষয়া কৰ্মচাৰী আৰু অন্যান্য সামাজিক লোকসকল উপস্থিত থাকে।
Also Read: ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ভোলানাথ মহাবিদ্যালয়ত সপ্তাহজোৰা কাৰ্যসূচী