জম্মু- কাশ্মীৰত বজ্ৰপাত : ৪০ টা ভেড়া ছাগলীৰ মৃত্যু

জম্মু- কাশ্মীৰৰ গেণ্ডাৰবল জিলাৰ হৰিগাৱান এলেকাৰ চেচিপাটিত চৰাই থকাৰ অৱস্থাতে বজ্ৰ পৰি ৪০টা ভেড়া ছাগলীৰ মৃত্যু হয়। এই ভেড়াকেইটা ৰাজৌৰি জিলাৰ যাযাবৰ পশুপালক আব্দুল বাহিদ

author-image
Asomiya Pratidin
New Update
জম্মু- কাশ্মীৰত বজ্ৰপাত : ৪০ টা ভেড়া ছাগলীৰ মৃত্যু

ডিজিটেল ডেস্ক : জম্মু- কাশ্মীৰৰ গেণ্ডাৰবল জিলাৰ হৰিগাৱান এলেকাৰ চেচিপাটিত চৰাই থকাৰ অৱস্থাতে বজ্ৰ পৰি ৪০টা ভেড়া ছাগলীৰ মৃত্যু হয়। এই ভেড়াকেইটা ৰাজৌৰি জিলাৰ যাযাবৰ পশুপালক আব্দুল বাহিদ খাটানাৰ বুলি জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে, চৰাই থকাৰ সময়তে হঠাতে অহা ধুমুহা- বৰষুণৰ লগতে বজ্ৰ পৰি পশুকেইটাৰ মৃত্যু হয়। যোৱা তিনি দিনত জম্মু- কাশ্মীৰৰ বিভিন্ন এলেকাত অহা ধুমুহা- বৰষুণত বহু পৰিমাণৰ ক্ষতি হৈছে।

jammu and kashmir