ৰাজ্যৰ ৫সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭বজাৰে অনুষ্ঠিত হৈ আছে। চামগুৰিত সংঘটিত হোৱা দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে বাকী ৪সমষ্টিত শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ।
-
Nov 13, 2024 18:41 ISTসন্ধিয়া ৫ বজাৰ লগে লগে ৰাজ্যত আনুষ্ঠানিকভাৱে অন্ত পৰে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ...
- ৮৮নং চামগুৰিত ভোটদানৰ হাৰ হৈছে- ৭৮.১০শতাংশ
- ৭৭নং বিহালী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৭৩.৭০শতাংশ
- ৩১নং চিদলী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৭১.৫০শতাংশ
- ৩২নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ- ৭২.১০শতাংশ
- ১১নং ধলাই সমষ্টিত ভোটদানৰ হাৰ হৈছে –৭২ শতাংশ
-
Nov 13, 2024 16:21 ISTবিয়লি ৪.০০ বজালৈকে অসমৰ ৫সমষ্টিৰ উপ নিৰ্বাচনত ভোটদানৰ হাৰ...
- ৮৮নং চামগুৰিত ভোটদানৰ হাৰ হৈছে- ৬৬.৩৩শতাংশ
- ৭৭নং বিহালী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৬৪.৩৪শতাংশ
- ৩১নং চিদলী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৬৪.২২শতাংশ
- ৩২নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ- ৬৬.৯৪শতাংশ
- ১১নং ধলাই সমষ্টিত ভোটদানৰ হাৰ হৈছে –৬০.০১শতাংশ
-
Nov 13, 2024 13:52 ISTদিনৰ ১.০০ বজালৈকে অসমৰ ৫সমষ্টিৰ উপ নিৰ্বাচনত ভোটদানৰ হাৰ...
দিনৰ ১.০০ বজালৈকে অসমৰ ৫সমষ্টিৰ উপ নিৰ্বাচনত ভোটদানৰ হাৰ-
- ৮৮নং চামগুৰিত ভোটদানৰ হাৰ হৈছে- ৫১.২০শতাংশ
- ৭৭নং বিহালী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৫৫.৬০শতাংশ
- ৩১নং চিদলী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৪৯.৮২শতাংশ
- ৩২নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ- ৫০.৩২শতাংশ
- ১১নং ধলাই সমষ্টিত ভোটদানৰ হাৰ হৈছে – ৪৪.০৫শতাংশ
-
Nov 13, 2024 11:31 ISTঅস্ত্ৰ-শস্ত্ৰ লৈ ৰকিবুল হুছেইনৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ...
উপ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ আগনিশা অৰ্থাত মঙলবাৰে নিশা ৰকিবুল হুছেইনৰ নগাঁওস্থিত বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ৰকিবুল হুছেইনে কৰা অভিযোগ অনুসৰি, অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এটা দলে অশ্লীল গালি গালাজ কৰি আক্ৰমণ কৰে সাংসদ গৰাকীৰ বাসগৃহত৷ এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সাংসদগৰাকী উপস্থিত হয় নগাঁও সদৰ আৰক্ষী নিৱেশত আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ ৷ উল্লেখ্য যে যোৱা নিশাৰ এই সমগ্ৰ ঘটনা বন্দী হয় কেমেৰাত ৷ সাংসদগৰাকীয়ে এই সমগ্ৰ ঘটনাৰ চি চি টিভিৰ ফুটেজ প্ৰদান কৰিছে আৰক্ষীক।
-
Nov 13, 2024 10:37 ISTপিতৃ ৰকিবুল হুছেইনৰ সৈতে ভোটাধিকাৰ সাব্যস্ত তানজিলৰ...
পশ্চিম লৰিৰমুখৰ কৰৈগুৰী মজলীয়া বিদ্যালয়ত পিতৃ-মাতৃৰ সৈতে ভোটদান কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ
-
Nov 13, 2024 10:26 ISTচামগুৰিৰ ৯৯ নম্বৰ ভোট কেন্দ্রত EVM বিকল...
চামগুৰিৰ ৯৯ নম্বৰ ভোট কেন্দ্রত EVM বিকল। ১০ বজাত নতুনকৈ আনিব লগা হ’ল EVM। ঘটনাক লৈ ভোটাৰৰ মাজত হাহাকাৰ পৰিস্থিতি।
-
Nov 13, 2024 10:19 ISTবঙাইগাঁৱত সৰ্বাধিক ভোটদান, দ্বিতীয় স্থানত চামগুৰি...
পুৱা ৯.৩০বজালৈকে ৮৮নং চামগুৰিত ভোটদানৰ হাৰ হৈছে- ১৪.৭০ শতাংশ। ইফালে ৭৭নং বিহালী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ১১ শতাংশ। ৩১নং চিদলী সমষ্টিত ভোটদানৰ হাৰ হৈছে-১২.৫১ শতাংশ।আনফালে ৩২নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ- ১৫.৩৪ শতাংশ। ১১নং ধলাই সমষ্টিত পুৱা ৯.৩০বজালৈকে ভোটদানৰ হাৰ হৈছে - ৯.১৫ শতাংশ।
-
Nov 13, 2024 10:18 ISTভোটগ্ৰহণৰ দিনাও চামগুৰিত অশান্তজৰ্জৰ পৰিৱেশ...
নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা অশান্তজৰ্জৰ এক পৰিৱেশে সূচনা কৰা চামগুৰিত ভোটগ্ৰহণৰ দিনাও নানান বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। পুৱা ভাগতে এগৰাকী মহিলা ভোটকেন্দ্ৰত আহত হৈ সংকটজনক অৱস্থাত নগাওঁ মেডিকেল কলেজত ভৰ্তি হোৱাৰ পাছতে। চামগুৰিৰ শ’লমাৰীৰ ৫৯, ৮৯ আৰু ৯০নং ভোটকেন্দ্ৰতো উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, ৫৯নং ভোটকেন্দ্ৰত বিজেপিৰ ৰছিদুল নামৰ এগৰাকী কৰ্মীয়ে দুই কংগ্ৰেছ কৰ্মীক প্ৰহাৰৰ অভিযোগ উঠিছে। ইয়াৰ পাছতে উত্তপ্ত হৈ পৰে পৰিৱেশ। আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণলৈ আনে যদিও বৰ্তমান ভোটকেন্দ্ৰটোত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। আনফালে সমষ্টিটোৰ শ'লমাৰীৰ ৮৯ আৰু ৯০ ভোট কেন্দ্ৰতো একাংশ বিজেপি কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে।