পুৱা ৭বজাৰ পৰা দেশৰ দুই ৰাজ্যত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ২৫খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ ৪,১৪০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইফালে ঝাৰখণ্ড আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনত ৩৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। এই ৩৮টা সমষ্টিত ৫২৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনো। ঝাৰখণ্ডত আজিৰ নিৰ্বাচনত ভোটদান কৰিব ১.২৩কোটি ভোটাৰে।
-
Nov 20, 2024 17:50 IST৫ বজাৰ অন্তত মহাৰাষ্ট্ৰত ৫৮.২২ আৰু ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ ভোটদান সম্পন্ন...
৫ বজাৰ অন্তত মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ ৫৮.২২ শতাংশ। একেদৰে ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ হাৰ ৬৭.৫৯ শতাংশ। ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ।
-
Nov 20, 2024 15:48 IST৩ বজালৈ মহাৰাষ্ট্ৰত ৪৫.৫৩ আৰু ঝাৰখণ্ডত ৬১.৪৭ শতাংশ ভোটদান...
দিনৰ ৩ বজালৈ মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ ৪৫.৫৩ শতাংশ। একে সময়তে ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ হাৰ ৬১.৪৭ শতাংশ। এই পৰ্যন্ত দুয়োখন ৰাজ্যতে শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। উল্লেখযোগ্য যে, পুৱা ৭ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ পৰ্ব।
-
Nov 20, 2024 14:46 IST১ বজালৈকে মহাৰাষ্ট্ৰত ৩২.১৮ আৰু ঝাৰখণ্ডত ৪৭.৯২ শতাংশ ভোটদান
দিনৰ ১বজালৈকে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত শান্তিপূৰ্ণভাৱে অনুুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। দিনৰ ১ বজালৈকে ঝাৰখণ্ডত ভোটদানৰ হাৰ হৈছে ৪৭.৯২ শতাংশ আৰু মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ হৈছে ৩২.১৮ শতাংশ।
মহাৰাষ্ট্ৰত পুৱা ভাগত ভোটদানৰ হাৰ যথেষ্ট কম হৈ আছিল যদিও শেহতীয়াকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দুপৰীয়াভাগত মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেও সাব্যস্ত কৰিলে ভোটাধিকাৰ। ভোটাধিকাৰ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে গণতন্ত্ৰ এই উতসৱত সকলোৰে সক্ৰিয় অংশগ্ৰহণৰ পোষকতা কৰে।
-
Nov 20, 2024 12:00 ISTকিহৰ ইংগিত? ১১বজালৈকে মহাৰাষ্ট্ৰত মাত্ৰ ১৮শতাংশ ভোটদান...
পুৱা ৭বজাৰ পৰা শান্তিপূৰ্ণভাৱে চলি আছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন। পুৱা ১১.০০ বজালৈকে ঝাৰখণ্ডত ভোটদানৰ হাৰ হৈছে ৩১.৩৭শতাংশ আৰু মহাৰাষ্ট্ৰত পুৱা ১১.০০বজালৈকে ভোটদানৰ হাৰ হৈছে ১৮.১৪ শতাংশ।
-
Nov 20, 2024 10:26 ISTপত্নীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা স্বামীৰ...
মহাৰাষ্ট্ৰ নিৰ্বাচনৰ এটা সমষ্টিয়ে সকলোকে আকৰ্ষিত কৰিছে। কিয়নো এই সমষ্টিটোত স্বামীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে পত্নীয়ে। কন্নড় বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হৰ্ষবৰ্ধন যাদৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁৰ পত্নী সঞ্জনা যাদৱে।
অতিকৈ ৰোমাঞ্চকৰ এই সমষ্টিটোত পত্নী সঞ্জনা যাদৱে টিকট লাভ কৰিছে শিৱসেনা দলৰ পৰা। উল্লেখ কৰা প্ৰয়োজন যে, সঞ্জনা হৈছে বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ৰাওচাহেব দানৱেৰ জীয়াৰী।
মহাৰাষ্ট্ৰ নিৰ্বাচনত আন এটা আকৰ্ষণীয় সমষ্টি হৈছে বাৰামতী। বাৰামতীত খুডা়য়েকৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ভতিজা। অজিত পৱাৰৰ বিৰুদ্ধে সমষ্টিটোত এন ছি পিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ভতিজাক যুগেন্দ্ৰ যাদৱে। এইদৰেই মহাৰাষ্ট্ৰ প্ৰায় কেইটা সমষ্টিত পৰিয়ালকেন্দ্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে।
-
Nov 20, 2024 09:51 ISTELECTION: ৯ বজালৈকে মহাৰাষ্ট্ৰতকৈ ঝাৰখণ্ডত দুগুণ ভোটদান...
পুৱা ৭বজাৰ পৰা শান্তিপূৰ্ণভাৱে চলি আছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন। পুৱা ৯বজালৈকে ঝাৰখণ্ডত ভোটদানৰ হাৰ হৈছে ১২.৭১শতাংশ আৰু মহাৰাষ্ট্ৰত পুৱা ৯বজালৈকে ভোটদানৰ হাৰ হৈছে ৬.৬১ শতাংশ।
-
Nov 20, 2024 08:41 ISTপুৱা ৭বজাৰ পৰা দুই ৰাজ্যত ভোটগ্ৰহণ...
মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ২৫খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ ৪,১৪০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক ১৪৮ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তাৰ পিছতে আছে কংগ্ৰেছ। কংগ্ৰেছে ১০৩খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাই ৮০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অজিত পাৱাৰৰ এন চি পি দলে ৫৩খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে- ৯.৭ কোটিৰো অধিক। ইয়াৰ ভিতৰত শতায়ু গৰকা ভোটাৰৰ সংখ্যা হৈছে- ৪৭,৩৯২ গৰাকী। একেদৰে যুৱ ভোটাৰৰ সংখ্যা হৈছে- ২২,২২,৭০৪ জন। আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে- ৬,১০১ জন। ৰাজ্যখনৰ ৭৬ খন আসনত কংগ্ৰেছ আৰু বিজেপিৰ পোনপোটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব। এই সমষ্টি কেইটাত সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে বিজেপিৰ। মহাৰাষ্ট্ৰ বিজেপিৰ দাবী ৭৬খন আসনৰ ভিতৰত অতি কমেও ৫০ খনতে বিজেপি প্ৰাৰ্থী জয়ী হ’ব। ইফালে ঝাৰখণ্ড আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনত ৩৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। এই ৩৮টা সমষ্টিত ৫২৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনো। ঝাৰখণ্ডত আজিৰ নিৰ্বাচনত ভোটদান কৰিব ১.২৩কোটি ভোটাৰে। ইয়াৰে ৬০.৭৯লাখ ভোটাৰ হৈছে মহিলা।