লোকসভাৰ অধ্যক্ষ কোন হ'বঃ JDU, TDPক কিদৰে সন্তুষ্ট কৰিব বিজেপিয়ে, অভিযানত নামিব প্ৰধানমন্ত্ৰী...

লোকসভাৰ অধ্যক্ষ কোন হ'বঃ JDU, TDPক কিদৰে সন্তুষ্ট কৰিব বিজেপিয়ে, অভিযানত নামিব প্ৰধানমন্ত্ৰী...

Published on

ডিজিটেল ডেস্কঃ চৰকাৰ গঠন কৰিলেও এতিয়াও যেন সকলো ভালকৈ মিলি অহা নাই মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ। যাৰ বাবে মিত্ৰজোঁটত থকা দুটা বিশেষ জে ডি ইউ আৰু টি ডি পিৰ সৈতে ঘনে ঘনে বৈঠকত বহিছে বিজেপিৰ শীৰ্ষ নেতাসকল। যোৱা দেওবাৰে জে পি নড্ডাই জে ডি ইউ আৰু টি ডি পি নেতাসকলৰ সৈতে বৈঠকত বহাৰ অন্তত ১৯জুনত বিহাৰত নীতিশ কুমাৰৰ সৈতেও এক ৰূদ্ধধাৰ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

উল্লেখ কৰা প্ৰয়োজন যে, অহবা ২৪জুনৰ পৰা আৰম্ভ হব লোকসভাৰ অধিৱেশন। এই অধিৱেশনৰ আৰম্ভণিতে নিৰ্বাচন কৰিব লাগিব লোকসভাৰ অধ্যক্ষক। বিজেপিয়ে এইবাৰ বিচাৰিছে যে, অধ্যক্ষৰ পদটো তেওঁলোকৰ হাততে থাকক। কিন্তু এন ডি এৰ অন্যতম সহযোগী দল জে ডি ইউ আৰু টি ডি পিয়ে পূৰ্বৰে পৰাই চকু ৰাখিছে লোকসভাৰ আসনখনৰ ওপৰত। এই সকলোবোৰ মিলাই এতিয়া এন ডি এৰ মিত্ৰজোঁটৰ মাজতে লাগিছে খেলি-মেলি।

ইফালে এন ডি এৰ সহযোগী দলসমূহৰ এনে খেলি-মেলিৰ সুযোগ গ্ৰহণ কৰিছে কংগ্ৰেছে। কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে, যদিহে টি ডি পি দলৰ কোনো নেতাক  লোকসভা অধ্যক্ষ পদটি প্ৰদান কৰে তেওঁলোকে কোনো বিৰোধিতা নকৰে। কিন্তু উপাধ্যক্ষ আসনৰ বাবে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। টি ডি পিক লোকসভাৰ অধ্যক্ষ পদটি প্ৰদানৰ প্ৰসংগত বজৰং দলেও সমৰ্থন কৰিছে। লগতে নীতিশ কুমাৰেও মুকলিকৈ ঘোষণা কৰিছে যে, টি ডি পিক লোকসভাৰ অধ্যক্ষ পদ উপহাৰ দিলে তেওঁলোকৰ নাথাকে কোনো আপত্তি।

এতিয়া এই সকলোবোৰৰ মাজত বিমোৰত পৰিছে মূল সহযোগী দল বিজেপি। লোকসভাৰ অধ্যক্ষ পদটি নিজৰ লগত ৰাখিব বিচৰা প্ৰসংগত বিজেপিৰ বহু নেতাই মুকলিকৈ মত ব্যক্ত কৰিছে। ইফালে মোডী চৰকাৰে জে ডি ইউক দিয়া মন্ত্ৰীত্বৰ পদবীক লৈ যে সুখী নহয় তাৰ প্ৰতিফলন ইতিমধ্যে দেখা গল কেন্দ্ৰীয় মন্ত্ৰী জীতন ৰাম মাঝিৰ এক মন্তব্যত।

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁৰ সংসদীয় সমষ্টি গয়াত উপস্থিত হোৱাৰ পিছত মাঁঝিয়ে কয় যে,  যেতিয়া আমাৰ বিভাগৰ খামটো খুলিছিলো, হতবাক হৈছিলো। এম.এছ.এম.ই দপ্তৰ দেখি একো বুজি পোৱা নাছিলো। মাথোঁ তীব্ৰ চাপৰ সন্মুখীন হৈছিলো। কি ভাৱি আছিলো, কি হল এতিয়া। মনতে নানা প্ৰশ্নই জাঙুৰ খাই উঠিছিল- কি আশা কৰিছিলো আৰু কি পালো। এই সন্দৰ্ভত তেঁও প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি সকলো কথা জনোৱা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

এই সকলোবোৰ অসন্তষ্টিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নৰেন্দ্ৰ মোডীয়ে নিজেই নীতিশ কুমাৰৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত লৈছে। ১৯জুনত মোডীয়ে বিহাৰত আগবেলা ভাগত নালন্দা বিশ্ববিদ্যালয়ত এক অনুষ্ঠানত অংশ লব যদিও পিছবেলা সময়খিনি নীতিশ কুমাৰৰ সৈতে বৈঠকত বহিব।

মুঠৰ ওপৰত লোকসভাৰ অধিৱেশনৰ পূৰ্বে সহযোগী দলসমূহক যিকোনো প্ৰকাৰে মান্তি কৰাত চেষ্টা কৰিছে বিজেপিয়ে। ইফালে অলপ অসন্তুষ্ট হলেই দল সলোৱা সিদ্ধহস্ত নীতিশক প্ৰধানমন্ত্ৰীয়ে কিদৰে মান্তি কৰায় সেয়া ১৯জুনতহে স্পষ্ট হব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মোডীৰ মন্ত্ৰীসভাত বিহাৰৰ পৰা মুঠ ৮ জন মন্ত্ৰীয়ে স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত ৪ জন কেবিনেট মন্ত্ৰী আৰু ৪ জন ৰাজ্যিক মন্ত্ৰী।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in