লোকসভাৰ অধ্যক্ষঃ কিমান দৰমহা, কি কি সুবিধা...

লোকসভাৰ অধ্যক্ষঃ কিমান দৰমহা, কি কি সুবিধা...
Published on
Updated on

ডিজিটেল ডেস্কঃ  ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন। এন ডি এৰ প্ৰাৰ্থী ওম বিৰলা আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী কে সুৰেশৰ মাজত হ’ব এই প্ৰতিদ্বন্দ্বিতা। কিন্তু আপুনি জানেনে এগৰাকী অধ্যক্ষই মাহিলী কিমান দৰমহা আৰু কি কি সুবিধা লাভ কৰে?

দৰাচলতে লোকসভাৰ অধ্যক্ষগৰাকীও এগৰাকী সাংসদেই। সদনে কোনো এগৰাকী নিৰ্দিষ্ট সাংসদক নিৰ্বাচিত কৰে অধ্যক্ষ হিচাপে। ১৯৫৪ৰ অধিনিয়ম অনুসৰি এগৰাকী লোকসভাৰ অধ্যক্ষই সাংসদকৈ কিছু বেছি দৰমহা আৰু অন্যান্য সা সুবিধা লাভ কৰে।

১৯৫৪চনৰ এই অধিনিয়ম ২০১০চনত সংশোধন কৰা হয়। এগৰাকী অধ্যক্ষই বৰ্তমান লাভ কৰে মাহিলী ১লাখ টকাৰ দৰমহা। ইয়াৰ লগতে অন্যান্য বহু ভাট্টাও লাভ কৰে এগৰাকী অধ্যক্ষই। সম্পূৰ্ণ কাৰ্যকালত অধ্যক্ষগৰাকী দৰমহাৰ উপৰিও সংসদৰ অধিৱেশন আৰু অন্যান্য সমিতিৰ বৈঠকত ভাগ লোৱাৰ বাবে দৈনিক অতিৰিক্ত ভাট্টা লাভ কৰে।

ইয়াৰোপৰি এগৰাকী সাংসদে লাভ কৰা যাতায়ত, স্বাস্থ্য, গৃহ আদি বিভিন্নক্ষেত্ৰত সা-সুবিধা লাভ কৰে এগৰাকী অধ্যক্ষই। কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পাছতো এগৰাকী অধ্যক্ষই পেন্সন,অতিৰিক্ত ভাট্টা, পৰিবহন ভাট্টা, গৃহ, ফ্ৰী বিজুলী আৰু ফ্ৰী ফোনৰ দৰে সুবিধা লাভ কৰে।

লোকসভাৰ অধ্যক্ষঃ কিমান দৰমহা, কি কি সুবিধা...
লক্ষ্য উপনিৰ্বাচনঃ ‘বিহালীৰ বিননি’ লৈ সাজু ভূপেন বৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in