ডিজিটেল সংবাদ, বিহালীঃ উপ নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিবলৈ মাজত মাঁথো দুটা দিন ৷ গতিকে শাসক-বিৰোধী উভয়ে তীব্ৰতৰ কৰি তুলিছে নিজৰ নিজৰ প্ৰচাৰ অভিযান ৷ বিহালীত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই পঞ্চায়তে পঞ্চায়তে চলাইছে প্ৰচাৰ সভা ৷
প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি লুৰীণ জ্যোতি গগৈক উভতি ধৰিলে জয়ন্ত বৰাই ৷ লুৰীণ জ্যোতি গগৈয়ে নিৰ্বাচনৰ পিছত জয়ন্ত বৰা পুনৰ বিজেপিলৈ উভতি যাব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জয়ন্ত বৰাই ৷
জয়ন্ত বৰাই কয়- লুৰীণজ্যোতি গগৈয়ে নিজকে ডাঙৰ নেতা বুলি ভাৱে ৷ কিন্তু তেও কোনো এটা সমষ্টিতে নিৰ্বাচন জিকিব পৰা নাই ৷ আনকি নিৰ্বাচনৰ ফলাফলৰ পিছত দেখা পাও দ্বিতীয় স্থানতো নাথাকে ৷
মই নিৰ্দলীয় হৈ যি কেইটা ভোট পাইছিলো তেখেতে এটা দলৰ টিকট লৈও সিমান ভোট পোৱা নাই ৷ তেও নিজেই লাজ পাব লাগে কাৰণ তেওঁ আগতে হাজাৰ হাজাৰ মানুহৰ আগত কথা কয় ৷ তেওঁ হীনমন্যতাত ভূগিছে ৷
যিজন মানুহে মোক আশা দি দি মোৰ মাক মাৰি পেলালে সেইজন মানুহ থকা দললৈ মই কেতিয়াও উভতি নাযাও ৷ লুৰীণজ্যোতি গগৈয়ে আচলতে বিজেপি জিকাটো বিচাৰিছে ৷ লুৰীণৰ দলটো হৈছে বিজেপিৰ "বি টিম" ৷