ডিজিটেল ডেস্কঃ প্ৰথমবাৰ ভাৰতলৈ আহিছে স্পেইনৰ প্ৰধানমন্ত্ৰী। বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ অহা পেদ্ৰো চানছেজে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতেও দ্বিপাক্ষিক এক বৈঠকত অংশ লৈছে। যোৱা ২৮অক্টোবৰত গুজৰাটৰ বদোদৰাস্থিত টাটা এডভান্সড চিষ্টেম লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা বিমান কমপ্লেক্স নৰেন্দ্ৰ মোডীৰ সৈতে উদ্বোধন কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, বদোদৰাত উপস্থিত হোৱাৰ পাছতেই দুয়োগৰাকী নেতাই এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰে। ইয়াৰ পাছত নেতা দুগৰাকীৰ মাজত প্রতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’য়। উল্লেখযোগ্য যে টাটা এয়াৰবাছ প্রকল্প হৈছে মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত সামৰিক বিমানৰ বাবে গ্ৰহণ কৰা দেশৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ এৰোস্পেচ প্রকল্প। এই প্ৰকল্পই ভাৰত আৰু স্পেইনৰ মাজৰ কৌশলগত প্ৰতিৰক্ষা সম্পৰ্কক সুদৃঢ় কৰিব। ২০২২ চনৰ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বদোদৰা ফাইনেল এছেম্বলি লাইনৰ আধাৰশিলা স্থাপন কৰিছিল।
ইফালে ২৮অক্টোবৰৰ এই কাৰ্যসূচীৰ পাছতে ২৯অক্টোবৰত স্পেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ব্যৱসায়ী, ডিজিটেল ক্ৰিয়েটৰৰ লগতে চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত প্ৰতিনিধিৰ সৈতেও বাৰ্তালাপত অংশ লয়।
চৰকাৰী কাৰ্যসূচীৰ উপৰিও স্পেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুকেইটা অন্য কাৰ্যসূচীতো অংশ লয়। সপত্নীৰ সৈতে মুম্বাইত আগতীয়াকৈ দীপাৱলিও উদযাপন কৰে স্পেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অনলাইনযোগে ধন ট্ৰাৰ্ণফাৰ কৰি এটা গণেশৰ মূৰ্তিও ক্ৰয় কৰে তেওঁ। ভাৰতত উপস্থিত হোৱাৰে পৰা সকলোবোৰ কাৰ্যসূচী সামাজিক মাধ্যমত ফটোৰ সৈতে শ্বেয়াৰ কৰি আছে স্পেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, গুজৰাটত বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণ কৰা হ'ব । অনুষ্ঠানটোৰ উদ্বোধনৰ সময়ত ছেনচেজে ভাৰত আৰু স্পেইনৰ মাজত সাংস্কৃতিক আৰু ঔদ্যোগিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰে আৰু ১৯৬০ৰ দশকৰ শেষৰ ফালে প্ৰখ্যাত স্পেনিছ গীটাৰবাদক পাকো ডি লুচিয়া আৰু ভাৰতীয় সংগীতজ্ঞ ৰবি শংকৰৰ মাজত সহযোগিতাৰ কথাও স্মৰণ কৰে ।
চি-২৯৫ কাৰ্যসূচীৰ অধীনত মুঠ ৫৬ খন বিমান অন্তৰ্ভুক্ত আছে । যাৰ ভিতৰত ১৬ খন পোনপটীয়াকৈ স্পেইনৰ এয়াৰবাছে যোগান ধৰিছে আৰু বাকী ৪০ খন বিমান ভাৰতত নিৰ্মাণ কৰা হ'ব । টাটা এডভান্সড চিষ্টেমছ লিমিটেডত এই বাকী ৪০ খন বিমান নিৰ্মাণ কৰা হ'ব ।