সোণাৰি চাপৰিত 'মা সেৱা অনুষ্ঠান'ৰ আয়োজন...

এগৰাকী মাতৃয়ে সন্তানৰ বাবে কৰে চূড়ান্ত ত্যাগ। এই ত্যাগক সজীৱ কৰি ৰখা আৰু মমতাময়ী মাতৃৰ গুণানুকীর্তনে মানৱ সমাজক পিতৃ- মাতৃৰ প্ৰতি দায়বদ্ধ কৰাৰ মানসেৰে আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ

author-image
Asomiya Pratidin
New Update
'Maa Seva Ceremony' at Sonari

ডিজিটেল সংবাদ, ঢকুৱাখনা : এগৰাকী মাতৃয়ে সন্তানৰ বাবে কৰে চূড়ান্ত ত্যাগ। এই ত্যাগক সজীৱ কৰি ৰখা আৰু মমতাময়ী মাতৃৰ গুণানুকীর্তনে মানৱ সমাজক পিতৃ- মাতৃৰ প্ৰতি দায়বদ্ধ কৰাৰ মানসেৰে আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ।

উক্ত লক্ষ্য আৰু উদ্দেশ্যৰে লখিমপুৰৰ 'জি বৰদলৈ এণ্টাৰপ্ৰাইজ'ৰ স্বত্বাধিকাৰী গোবিন বৰদলৈয়ে বিগত সময়ত 'মা সেৱা' নামৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানটোৰ ৩৪সংখ্যক বর্ষপূর্তি অহা ১৮ নৱেম্বৰত ঢকুৱাখনাৰ সোণাৰি চাপৰিত অনুষ্ঠিত হ'ব।

এই উপলক্ষে দুই শতাধিক বয়োজ্যেষ্ঠ (পিতৃ-মাতৃ)ক সেৱা কৰাৰ সকলো প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠা বুলি সহযাত্ৰীৰ সম্পাদক হেমচন্দ্ৰ লাহনে জানিবলৈ দিছে। উল্লেখযোগ্য যে 'সহযাত্রী' গোটৰ উদ্যোগত তথা সোণাৰি চাপৰি কেঁকুৰি আঞ্চলিক চুতীয়া জাতি সম্মিলন আৰু সোণাৰি চাপৰি -আঞ্চলিক মিচিৎ ছাত্ৰ সন্থাৰ সহযোগত সোণাৰি চাপৰি আঞ্চলিক কৃষ্টি ভৱনত অনুষ্ঠিত হ'বলগীয়া ২৫৫ সংখ্যক মা সেৱা অনুষ্ঠানত ৰাজ্যৰ এগৰাকী ব্যক্তিক 'শ্রৱণ কুমাৰ বঁটা' প্ৰদান কৰা হ'ব।

অনুষ্ঠানত শ্রীমন্ত শংকৰ সংঘৰ পদাধিকাৰ ভবেন্দ্রনাথ ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। লগতে জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং, সদৌ অসম টাই আহোম ছাত্র সভাপতি বসন্ত কুমাৰ গগৈ আৰু লখিমপুৰ জিলাৰ আয়ুক্ত লাচিত কুমাৰ দাস অতিথি হিচাপে উপস্থিত থাকিব।  অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে, সহযাত্ৰীৰ সভাপতি মাধৱ চুতীয়াই।

dhakuakhana সোণাৰি চাপৰি মা