মথুৰাপুৰৰ আদৰ্শ শিক্ষক মদন কুৰ্মীক সম্বৰ্ধনা

মথুৰাপুৰৰ আদৰ্শ শিক্ষক মদন কুৰ্মীক সম্বৰ্ধনা
Published on
Updated on

ডিজিটেল সংবাদ, মথুৰাপুৰ: আজি পবিত্ৰ শিক্ষক দিৱস। দেশৰ প্ৰাক্তন তথা প্ৰথম উপ- ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোত এই শিক্ষক দিৱস পালন কৰা হয়। দেশৰ প্ৰতিটো শিক্ষানুষ্ঠানতে এই মহান ব্যক্তিগৰাকীক সুঁৱৰি আৰু শিক্ষকসকলৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়।

মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ে শিক্ষক দিৱসৰ উপলক্ষে অঞ্চলটো এগৰাকী আদৰ্শ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মদন কুৰ্মীক তেখেতৰ বাসগৃহ শিক্ষানুষ্ঠানখন ছাত্ৰছাত্ৰী,শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে৷ শিক্ষানুষ্ঠানখনত শিক্ষক দিৱসৰ উপলক্ষে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷

মথুৰাপুৰৰ আদৰ্শ শিক্ষক মদন কুৰ্মীক সম্বৰ্ধনা
শিক্ষা ঋণ ৰাজসাহায্য আঁচনি অভিনন্দন ২.০ৰ শুভ উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in