ক'ত কেনেদৰে আছে শংকৰদেৱ গুৰুজনাই স্বহস্তে লেখা দশম খনি?

মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কীৰ্তন দশম। মাধৱদেৱৰ কালজয়ী সৃষ্টি ঘোষা ৰত্নাৱলী, নামমালিকা। ইয়াৰ শংকৰদেৱ গুৰুজনাৰ কীৰ্তন পুথিভাগি ৪ শ বছৰে মাজুলী ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত সংৰক্ষিত হৈ আছে।

author-image
Asomiya Pratidin
New Update
ক'ত কেনেদৰে আছে শংকৰদেৱ গুৰুজনাই স্বহস্তে লেখা দশম খনি?

madhabdev

ডিজিটেল সংবাদ, মাজুলী: মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কীৰ্তন দশম। মাধৱদেৱৰ কালজয়ী সৃষ্টি ঘোষা ৰত্নাৱলী, নামমালিকা। ইয়াৰ শংকৰদেৱ গুৰুজনাৰ কীৰ্তন পুথিভাগি ৪ শ বছৰে মাজুলী ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত সংৰক্ষিত হৈ আছে।

 বদলা আতা উজানত ধৰ্ম প্ৰচাৰৰ বাবে আহোঁতে ঘোষা ৰত্নাৱলী, কীৰ্তন দশম আৰু নাম মালিকা শাস্ত্ৰ মাধৱদেৱে প্ৰদান কৰিছিল। আৰু বদলা আতাৰ নুমলীয়া সত্ৰ কমলাবাৰী সত্ৰত আজিকোপতি সংৰক্ষিত হৈ আছে। ঘাই বস্তূ হিচাপে এটি বিশেষ স্থানত ৰাখি সেৱা প্ৰৰ্থান কৰি আহিছে শশ বছৰে। মঙলবাৰে মাধৱদেৱৰ তিথিৰ থাপনিৰ দিনটোত সম্পূৰ্ণ আধ্যাত্মিক পৰম্পৰাৰে কৰুনাময় ঘোষাৰ মাজেৰে সত্ৰাধিকাৰ প্ৰভুৱে ভকত সকলৰ আগত প্ৰৰ্দশন কৰে।                                          

১৯৮৮ চনৰ ভংয়কৰ বানত বহুতো সম্পদ বিধস্ত হৈছিল। আৰু সত্ৰাধিকাৰ কমলাকান্ত গোস্বামী প্ৰভুৱে দশম পুথি ভাগিৰ লগতে বাকী কেইপদ সম্পদ অশেষ কষ্টৰে ৰাখিছিল। বহুতো ইতিমধ্যে কালৰ বুকুত হেৰাই গ’ল। শংকৰদেৱৰ দশম ,মাধৱদেৱৰ নামমালিকা,বদলা পদ্ম আতাই লেখা আঢ়ৈ টা ৰত্নাৱলীৰ পৃষ্ঠা, শংকৰদেৱৰ গুৰুজনাৰ জপমালা,মাধৱদেৱৰ দন্ত,কেশ,কাকৈ,গুৱা থোৱা থগি,শংকৰদেৱ মাধৱদেৱৰ বস্ত্ৰ, আদি অমূল্য সম্পদ সত্ৰখনিৰ আতাগৃহত আজিকোপতি সংৰক্ষিত হৈ আছে।

 সেৱাৰ থলী হিচাপে শ্ৰদ্ধা ভক্তিৰে এই সমূহ সত্ৰই প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি সংৰক্ষণ কৰি আহিছে। ঐতিহাসিক সত্ৰখনৰ বহু বছৰৰ পাছত মাধৱদেৱৰ তিৰোভাৱ তিথিৰ থাপনিৰ দিনতোত ভক্তসকলে দৰ্শন কৰে। এই সমূহ যদিও সেৱাৰ থলীৰ সম্পদ তথাপিও ইয়াৰ উপযুক্ত সংৰক্ষণৰ কথা উল্লেখ কৰে।।

assam sankardev madhabdev