অপেক্ষাৰ অন্তঃ দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল মাধৱদেৱ কলাক্ষেত্ৰ...

অপেক্ষাৰ  অন্তঃ দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল মাধৱদেৱ কলাক্ষেত্ৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ ১০মেত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ কথা আছিল যদিও প্ৰায় এমাহৰ পিছত অৰ্থাত ১৪জুনত দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মাধৱদেৱ কলাক্ষেত্ৰ। বহু বছৰৰ বিৰতিৰ পিছত উত্তৰপৰীয়া ৰাইজৰ সপোন অৱশেষত পূৰ্ণ হল। প্ৰাণ পাই উঠিল মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ।

উল্লেখ কৰা প্ৰয়োজন যে,  বদলা পদ্মআতাই প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰক সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি আৰম্ভ কৰা হৈছিল শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য ৷ সত্ৰখনৰ স্বৰূপ অক্ষুণ্ণ ৰাখি ৪৪ বিঘা মাটিত কলাক্ষেত্ৰখন নিৰ্মাণ কৰা হৈছে । সত্ৰখনক কেন্দ্ৰ কৰি আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে মাধৱদেৱ কলাক্ষেত্ৰ ।

বদলা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দান সূত্ৰে আগবঢ়োৱা ৪৪ বিঘা মাটিত ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে শিশু উদ্যান, সংগ্ৰহালয়, ৫০০ আসনযুক্ত প্ৰেক্ষাগৃহ, কলাকৃষ্টি ভৱন, এহেজাৰ আসনযুক্ত মুকলি প্ৰেক্ষাগৃহ, পাণ্ডুলিপি ভৱন, অতিথিশালা, ভোজনগৃহ, ৰাজহুৱা শৌচালয়, ১৭৫ খন গাড়ী ৰাখিব পৰাকৈ পাৰ্কিং ক্ষেত্ৰ (Madhabdev Kalakshetra in Lakhimpur) ।

উল্লেখ্য যে, ২০০৭ চনৰ ২৩ মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ প্ৰয়াত তৰুণ গগৈৰ চৰকাৰে প্ৰথম পৰ্যায়ত আৱণ্টন দিয়া ৫ কোটি টকাৰে প্ৰায় ২০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাচত ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ ৷

২০১৯ চনৰ ১৬ আগষ্টত তেতিয়াৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বদলা সত্ৰত উপস্থিত হৈ কলাক্ষেত্ৰখনৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দি ৩৪ কোটি টকা আৱন্টন দিছিল ৷

অপেক্ষাৰ  অন্তঃ দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল মাধৱদেৱ কলাক্ষেত্ৰ...
সকলো আহিল! কিন্তু আম্বানীৰ বিয়ালৈ বিৰাট নাহিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in