ডিজিটেল ডেস্কঃ পূব ৰাছিয়াত এক ভয়ংকৰ ভূমিকম্প সংঘটিত হয় ৷ ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.০ ৰিখটাৰ স্কেল ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ভূমিকম্পটোৰ পাচতে ৰাছিয়াৰ শিভেলুচত আগ্নেয়গিৰি উদগীৰণ হয় ৷ এই উদগীৰণৰ ফলত উদ্ভৱ হোৱা লাভা আৰু ধোঁৱাৰ স্তম্ভ সমুদ্ৰৰ পৰা ৮ কিলোমিটাৰ ওপৰলৈকে উঠি গৈছিল ৷
অৱশ্যে এই প্ৰাকৃতিক দুৰ্যোগৰৰ ফলত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে। লগতে ভূমিকম্পৰ ফলত কোনো ধৰণৰ বিশেষ ক্ষতিও হোৱা নাই। অৱশ্যে বহু অট্টালিকাত কিছু কিছু ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷
লগতে ভূমিকম্পৰ ফলত অঞ্চলটোৰ বহু বাসিন্দাই ইতিমধ্যে নিজৰ আপোন ঘৰখন এৰি উক্ত স্থান ত্যাগ কৰিছে। ভূমিকম্পটোৰ ফলত বহু লোকৰ আচবাব ভাঙি চূৰমাৰ হৈছে বুলি জানিব দিছে।
Also Read: উৰিয়ামঘাটত দোকানীক প্ৰহাৰৰ চেষ্টা নগা দুৰ্বৃত্তৰ...