৫ বজাৰ অন্তত মহাৰাষ্ট্ৰত ৫৮.২২ আৰু ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ ভোটদান সম্পন্ন

ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন।

author-image
Asomiya Pratidin
New Update
ইলেকশ্যন

ডিজিটেল ডেস্কঃ  ৫ বজাৰ অন্তত মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ ৫৮.২২ শতাংশ। একেদৰে ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ হাৰ ৬৭.৫৯ শতাংশ। ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। 

উল্লেখ কৰা প্ৰয়োজন যে, ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ২৫খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ ৪,১৪০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।  এই নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক ১৪৮ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

তাৰ পিছতে আছে কংগ্ৰেছ। কংগ্ৰেছে ১০৩খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাই ৮০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অজিত পাৱাৰৰ এন চি পি দলে ৫৩খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে- ৯.৭ কোটিৰো অধিক। ইয়াৰ ভিতৰত শতায়ু গৰকা ভোটাৰৰ সংখ্যা হৈছে- ৪৭,৩৯২ গৰাকী। একেদৰে যুৱ ভোটাৰৰ সংখ্যা হৈছে- ২২,২২,৭০৪ জন।

আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে- ৬,১০১ জন। ৰাজ্যখনৰ ৭৬ খন আসনত কংগ্ৰেছ আৰু বিজেপিৰ পোনপোটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব। এই সমষ্টি কেইটাত সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে বিজেপিৰ। মহাৰাষ্ট্ৰ বিজেপিৰ দাবী ৭৬খন আসনৰ ভিতৰত অতি কমেও ৫০ খনতে বিজেপি প্ৰাৰ্থী জয়ী হ’ব। ইফালে ঝাৰখণ্ড আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

ৰাজ্যখনত ৩৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। এই ৩৮টা সমষ্টিত ৫২৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনো।  ঝাৰখণ্ডত আজিৰ নিৰ্বাচনত ভোটদান কৰিব ১.২৩কোটি ভোটাৰে। ইয়াৰে ৬০.৭৯লাখ ভোটাৰ হৈছে মহিলা।

মহাৰাষ্ট্ৰ ঝাৰখণ্ড