ডিজিটেল সংবাদ, মাজুলীঃ সমগ্ৰ ৰাজ্যত দুৰ্গা পূজাৰ ব্যাপক উখল মাখল পৰিবেশ। প্ৰতিকূল বতৰৰ মাজতো দুৰ্গতিনাশীনি দুৰ্গা পূজাৰ পাৰভঙা উছাহ সৰ্বত্তে । পোহৰৰ মায়াজাল,অঘোষিত বৃহৎ আকাৰৰ মণ্ডপ,বৃহৎ বৃহৎ মেলা, আনফালে আকৌ কান তাল মৰা শব্দ, আদিৰ প্ৰয়োভৰ ৰাজ্যৰ চৌদিশ। ঢ়াক-ঢ়োলৰ শব্দ, ক'ৰবাত আকৌ ভোজপুৰী গান,প্ৰতিকূল বতৰক প্ৰত্যাহ্বান জনাই ওলাই আহিছে জনতা। কিন্তু এখন বিপৰীত চবি মাজুলীত।
চাৰিওফালে শান্ত পৰিবেশে বিৰাজ কৰিছে। মাজুলী বৈষ্ণৱ সংস্কৃতিৰ প্ৰানকেন্দ সত্ৰদ্বীপ গুৰুদুজনাৰ মনিকাঞ্চন ক্ষেত্ৰ আজিও অতল গুৰু আৰ্দশত। এক দেৱ এক সেৱ গুৰুৰ প্ৰতি অচলা ভক্তি আগবঢ়াই আজিও অনুষ্ঠিত হোৱা নাই দুৰ্গাপূজা। দুৰ্গা পূজাৰ বিপৰীতে মাজুলীত শৰৎ কালত শাৰদীয় উৎসৱ হিচাপে গুৰুজনাৰ জন্ম জয়ন্তী , ৰাসোৎসৱ,কাতি বিহুৰ আকাশ বন্তি আৰু পালনামৰ বাবে সাজু হয় মাজুলীবাসী।
শৰত কালতেই বান বাৰিষাৰ দুৰ্ভাবনা পাহাৰৰ সিতো পাৰে নিৰ্বাসন দিয়ে মাজুলীবাসীয়ে। শাৰদীৰানীৰ আগমন লগে লগে মাজুলীলৈ আগমন ঘটে দেশী- বিদেশীৰ পৰ্যটকৰো।এফালে পৰ্যটকক আদৰিবলৈ সাজু হয় পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকল।
আনফালে মাজুলী চামগুৰি সত্ৰৰ মুখাশিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীৰ লগতে অন্যান্য মুখা শিল্পী সকল ব্যস্ত হৈ পৰিছে মুখা নিৰ্মাণত। আগন্তুক ৰাসোৎসৱৰ বাবে আৰম্ভ কৰিছে মুখা নিৰ্মান। অন্যহাতে মাজুলীৰ নামঘৰ লগতে অস্থায়ী পেণ্ডেল সাজি পালন হৈছে গুৰুজনাৰ জন্ম জয়ন্তী।
দুৰ্গা পূজা পালন নকৰা মাজুলীত শৰৎ দেখা গৈছে অন্য এখন অন্য ছবি। মাজুলীৰ ৩৩ খন সত্ৰৰ লগতে তিনি শতাধিক নামঘৰ,আৰু ১৫ খনকৈ অধিক ৰাজহুৱা স্থানত শংকৰদেৱৰ জন্ম জয়ন্তী ভাগি উলহ মালহেৰে উদযাপন কৰিছে। সত্ৰ সমূহতো নাম প্ৰসংগ গায়ন বায়ন নাচ নৃত্য ভাওনা আদি গুৰুনুজনাৰ অপূৰ্ব সৃষ্টিৰাজী পৰিবেশনৰ ব্যৱস্থা কৰিছে । আনহাতে মাজুলীৰ ঠায়ে ঠায়ে আলোচনা চক্ৰ মুকলি সভা আৰু বৰগীত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। মাজুলী দুৰ্গা পুজা উদযাপন নহয় সেয়েহে সত্ৰই নামঘৰে গুৰু জয়ন্তী উদযাপন হৈছে।
হৰি নামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত হৈছে। ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰ,নতুন কমলাবাৰী সত্ৰ,ভোগপুৰ, গড়মূৰ ,আউনীআটী, নৰসিংহ, চামগুৰি, নতুন চামগুৰি আদি সত্ৰৰ লগতে মেখেলী গাৱ,ৰাৱনাপাৰ,বেজগাৱ,কমলাবাৰী, ফুলনি,কুহিয়াবাৰী, ভালুকমৰা, নতুন ৰতনপুৰ,মুদৈবিল,ফুলনি,গড়মূৰআদি অঞ্চল সমূহত আঞ্চলিক ভিত্তিত পালন কৰিছে গুৰু জয়ন্তী।
খন্তেকীয়া আনন্দৰ বিপৰীতে গুৰুৰ আৰ্দশ যেন পালনৰ বাবে বদ্ধপৰিকৰ মাজুলীবাসী । আনহাতে মাজুলীৰ মুখ্য শাৰদীয় উৎসৱ ৰাসোৎসৱৰ নাটক মেলা পৰ্ব আৰম্ভ অহা লক্ষ্মী পূৰ্নিমাৰ পৰা । আউনীআটী সত্ৰৰ আকাশবন্তি আৰু পালনাম সমাৰোহ মাজুলীৰ অন্যতম শাৰদীয় উৎসৱ হিচাপে পালন হব।