ডিজিটেল সংবাদ, মাজুলীঃ ৰাজ্যৰ চৌদিশে দূৰ্গাপূজাৰ ধামখুমীয়াৰ বিপৰীতে সত্ৰদ্বীপ মাজুলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজিৰে পৰা অনুষ্ঠিত হৈছে। ৫৭৬ সংখ্যক জন্মজয়ন্তী উৎসৱ পালন কৰিছে মাজুলীৰ ১৫ টাকৈ ৰাজহুৱা স্থান,৩৩ খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত।
উত্তৰ কমলাবাৰী সত্ৰ,নতুন কমলাবাৰী সত্ৰ,নৰসিংহ সত্ৰ,চামগুৰি,নতুন চামগুৰি, ভোগপুৰ ,গড়মূৰ সত্ৰ,আদিৰ লগতে ভকতি দুৱাৰ,ফুলনি,ভালুকমৰা, মুদৈবিল আদিত । দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হবলগা কাৰ্যসূচী অনুসৰি আজি পুৱা নাম প্ৰসঙ্গঙেৰে আৰম্ভ হৈছে।
মাজুলীৰ ১৫ টাৰো অধিক স্থানত অনুষ্ঠিত হৈছে শংকৰ জয়ন্তী। আইসকলৰ নাম, খোল প্ৰসঙ্গৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হব। ইফালে গুৰু জন্মজয়ন্তী উপলক্ষে পুৱাৰে পৰা সত্ৰ সমূহতো ভকত বৈষ্ণৱ, আইমাতৄৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে।
পুৱাৰে পৰা হৰি নাম কীৰ্ত্তনৰ ধ্বনিৰে মুখৰিত হৈছে মাজুলীৰ আকাশ বতাহ। মাজুলীৰ ১৫ টাকৈ ৰাজহুৱা স্থান আৰু ৩৩ খন সত্ৰ ৩ শতাধিক নামঘৰত অনুষ্ঠিত হৈছে শংঅৰ জয়ন্তী ।