ভাৰত-মালয়েছিয়াৰ ৰাজহুৱা প্রশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ

ভাৰত-মালয়েছিয়াৰ ৰাজহুৱা প্রশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰত আৰু মালয়েছিয়াই শ্রম আৰু কর্মসংস্থাপন, আয়ুর্বেদ আৰু পৰম্পৰাগত ঔষধ, ডিজিটেল প্রযুক্তি, সংস্কৃতি, পর্যটন আৰু যুৱ তথা ক্রীড়া ক্ষেত্রৰ সহযোগিতাৰ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে ৰাজহুৱা প্রশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰতো চুক্তি সম্পাদন কৰিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু মালয়েছিয়াৰ প্রধানমন্ত্রী দাটোচেৰী অনৱাৰ বিন ইব্রাহিমৰ মাজত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। পাছত প্রধানমন্ত্রী মোডীয়ে তেওঁৰ প্ৰেছ বিবৃতিত কয় যে, ভাৰত আৰু মালয়েছিয়াই উভয় দেশৰ মাজৰ বর্ধিত কৌশলগত সহযোগিতাক সর্বাত্মক কৌশলগত সহযোগিতালৈ উত্তৰণ ঘটোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

তেওঁ কয় যে দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতাই ১০ বছৰত ভৰি দিছে আৰু বিগত দুটা বছৰত এই সহযোগিতাই নতুন গতি লাভ কৰিছে। প্রতিনিধি পর্যায়ৰ বৈঠকত দুয়োপক্ষই পাৰস্পৰিক সহযোগিতা সকলো বিষয় সম্পর্কে বিশদভাবে আলোচনা কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু মালয়েছিয়াৰ মাজত এতিয়াও অর্থনৈতিক সহযোগিতাৰো সম্ভাৱনা আছে।

তেওঁ কয় যে, দুয়ো পক্ষই প্রতৰক্ষা ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ নতুন সম্ভাৱনা সম্পর্কেও আলোচনা কৰিছে। ভাৰত আৰু মালয়েছিয়াই সন্ত্রাসবাদ আৰু উগ্রবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দি আহিছে বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে। লগতে বিত্ত প্রযুক্তি, অর্ধপৰিবাহী, প্ৰতিৰক্ষা উদ্যোগ, কৃত্রিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ লেখিয়া নতুন প্রযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

তেওঁ উল্লেখ কৰে যে দুয়োপক্ষই ভাৰতৰ ইউ পি আইক মালয়েছিয়াৰ পেনেটৰ সৈতে সংযুক্ত কৰাৰ বাবে কাম কৰিব। ভাৰত আৰু মালয়েছিয়াৰ মাজত বাণিজ্য এতিয়া ভাৰতীয় টকা আৰু মালয়েছিয়াৰ ৰিংগিটৰ জৰিয়তে কৰিব পৰা যায়। যোৱা বছৰ মালয়েছিয়াৰ পৰা ভাৰতত ৫০০ কোটি ডলাৰ বিনিয়োগ হোৱা বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে।

প্রধানমন্ত্রীগৰাকীয়ে কয় যে মালয়েছিয়া আছিয়ান আৰু ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত দেশৰ গুৰুত্বপূর্ণ সহযোগী আৰু এইবাবেই ভাৰতে দেশখনক বিশেষ অগ্রাধিকাৰ দিয়ে। তেওঁ কয় যে, ভাৰতে ২০২৫ বর্ষত আছিয়ানৰ অধ্যক্ষতাৰ বাবে মালয়েছিয়াক পূর্ণ সমর্থন কৰিব। এই উপলক্ষে মালয়েছিয়াৰ প্রধানমন্ত্রী অনৱাৰ বিন ইব্রাহিমে কয় যে, দুয়োখন দেশে অধিক সহযোগিতা কৰিব পৰা ভালেমান ক্ষেত্র আছে। তেওঁ কয় যে, ভাৰত চহকী ঐতিহ্য, সংস্কৃতি আৰু সভ্যতাৰ এখন মহান দেশ।

ভাৰত-মালয়েছিয়াৰ ৰাজহুৱা প্রশাসন, শাসন ব্যৱস্থাৰ সংস্কাৰ আৰু পাৰস্পৰিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ
বিটিআৰ চুক্তি ৰূপায়নৰ স্বাৰ্থত আঞ্চলিক দল একগোট হোৱাত আপত্তি নাই : লৰেঞ্চ ইছলাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in