পশ্চিমবংগতো সৃষ্টি হ’ব নেকি বাংলাদেশৰ দৰে পৰিস্থিতি?

ৰাজনৈতিক নেতাৰ ওচৰত হাতজোৰ নকৰে মমতা বেনাৰ্জীয়ে...
পশ্চিমবংগতো সৃষ্টি হ’ব নেকি বাংলাদেশৰ দৰে পৰিস্থিতি?
Published on
Updated on

ডিজিটেল সংবাদ, কলকাতাঃ পশ্চিমবংগৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা এগৰাকী মহিলা চিকিৎসকৰ বলাৎকাৰ-হত্যাৰ ঘটনাৰ আলম লৈ বাংলাদেশৰ দৰে বংগতো অনুৰূপ পৰিৱেশ সূচনা কৰাৰ কৌশল ৰচনা হৈছে বুলি দাবী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত চলি থকা এই ঘটনাৰ প্ৰতিবাদক শ্বেইখ হাছিনা চৰকাৰৰ বিৰুদ্ধে হোৱা আন্দোলনৰ সৈতে তুলনা কৰিছে। তেওঁ বুধবাৰে এক অনুষ্ঠানত কয়, বহু লোকে ভাবিছে বাংলাদেশৰ দৰে ইয়াত চৰকাৰৰ পতন হ’ব। মই ক্ষমতাৰ কথা চিন্তা নকৰোঁ।

বেহালাত স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দিয়া বক্তব্যত তেওঁ ৰাজ্যখনত পূৰ্বে বাওঁপন্থীৰ শাসনৰ সময়ত সংঘটিত হোৱা কেইবাটাও ঘটনাৰ কথাও উল্লেখ কৰে। তেওঁ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাক বিষয় হিচাপে লৈ বিজেপি, চি পি এম আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।

তেওঁ কয়, আৰ জি কৰৰ ঘটনাক লৈ চি পি এম, বিজেপিয়ে ৰাজনীতি কৰি আছে।বাংলাদেশত কিবা এটা ঘটিছিল। বহুলোকে ভাবিছেতেওঁলোকে বাংলাদেশৰ পৰিস্থিতিৰ দৰেই ইয়াতো একেই পৰিস্থিতি সৃষ্টি কৰি ক্ষমতা দখল কৰিব। কিন্তু মনত ৰাখিব, মই ক্ষমতাৰ বিষয়ে গুৰুত্ব নিদিওঁ। যেতিয়ালৈকে মই জীয়াই আছোঁ, মই জনসাধাৰণৰ ন্যায়ৰ হকে কাম কৰিম। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে মই আৰক্ষীক শীঘ্ৰেই কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য কৰিছিলোঁ।কিন্তু তেওঁলোক উচ্চ ন্যায়ালয়লৈ গৈছে।

মন কৰিবলগীয়া যে, মঙলবাৰে, উচ্চ ন্যায়ালয়ে আৰজি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত নাৰকীয় ঘটনাৰ গোচৰৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছে। মমতা বেনাৰ্জীয়ে পুনৰ কয়, "যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকৰ বেছিভাগেই ছাত্ৰ নহয়। ৰাজনৈতিক দলবোৰে পৰিকল্পিত ভাৱে এই প্ৰতিবাদ অব্যাহত ৰাখিছে। তেওঁলোকে ভাবিছে মোক এই আন্দোলনৰ জৰিয়তে ক্ষমতাৰ পৰা আঁতৰাই দিব। তেওঁলোকে নাজানে মমতাক ক্ষমতা এৰিবলৈ এক ছেকেণ্ড লাগে। ঠিক যেনেকৈ মই ৰে’ল বিভাগৰ পৰা আঁতৰি আহিছিলোঁ। অন্যায়ৰ ওচৰত মই শিৰ নত নকৰোঁ। যদি প্ৰয়োজন হয়, মই জনসাধাৰণৰ ওচৰত হাতজোৰ কৰিম, কিন্তু কোনো ৰাজনৈতিক দলৰ ওচৰত নকৰোঁ।‘’

উল্লেখ্য যে, বংগৰ আৰ জি কৰ হাস্পতালত ৩১ বছৰীয়া এগৰাকী স্নাতকোত্তৰ মহলাৰ চিকিৎসকক সতীৰ্থ চিকিৎসকে বলাৎকাৰ কৰি অতি নৃশংসভাৱে হত্যা কৰিছিল। এই হত্যাৰ প্ৰতিবাদত উত্তাল হৈ আছে বংগ। সমান্তৰালকৈ বাংলাদেশত ছাত্ৰই কৰা আন্দোলনৰ মাজতেই পতন হৈছিল শ্বেইখ হাছিনাৰ আৱামী লীগৰ চৰকাৰ। একাংশ সংবাদ মাধ্যমে বংগৰ এই পৰিস্থিতিক বাংলাদেশৰ পৰিস্থিতিৰ সৈতেও তুলনা কৰিছে। তাৰ মাজতেই মমতা বেনাৰ্জীৰ এনে স্থিতিয়ে এতিয়া আন্দোলনক কোন দিশে নিয়ে সেয়া হ’ব লক্ষ্যণীয়।

পশ্চিমবংগতো সৃষ্টি হ’ব নেকি বাংলাদেশৰ দৰে পৰিস্থিতি?
ৰঙিয়াৰ ২৯নং বালিকা বিদ্যালয়ৰ হৰ ঘৰ ত্ৰিৰংগা শোভাযাত্ৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in