মই কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়তেই ৰে'ল বিভাগত উন্নয়ন হৈছিলঃ মমতা বেনাৰ্জী

মই কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়তেই ৰে'ল বিভাগত উন্নয়ন হৈছিলঃ মমতা বেনাৰ্জী
Published on
Updated on

ডিজিটেল ডেস্কঃ সোমবাৰে সংঘটিত হোৱা পশ্চিমবংগৰ ভয়াৱহ দুৰ্ঘটনাৰ পাছতেই ৰেল বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আওপকীয়াকৈ বিজেপি চৰকাৰক সমালোচনা কৰিলে টিএমচিৰ নেতাগৰাকীয়ে।

বিগত সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে কি কৰিছে বুলি প্ৰশ্ন কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰে'ল বিভাগত যি উন্নয়ন হৈছিল তেঁও কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়তেই হৈছিল বুলি তেঁও মন্তব্য কৰে।

ইফালে মমতা বেনাৰ্জীৰ এনে মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰেলমন্ত্ৰী আশ্বৱিনী বৈষ্ণৱে। তেঁও কয় যে 'এয়া ৰাজনীতি কৰাৰ সময় নহয়। এতিয়া যাত্ৰীৰ সুৰক্ষাক লৈহে চিন্তা কৰিব লাগে।'

উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ বংগৰ নিউ জলপাইগুৰি ষ্টেচন পাৰ হৈ ৰঙাপানী ৰে’ল ষ্টেচনৰ সমীপতে সংঘটিত হৈছে এই দুৰ্ঘটনা। খবৰ অনুসৰি, একেটা ট্ৰেকতে আহিছিল দুয়োখন ৰে’ল। এই সংঘৰ্ষত ৯ জন লোকৰ মৃত্যু হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত ৭জন যাত্ৰী আৰু দুজন ৰে’লৱে কৰ্মচাৰী আছিল।

মই কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়তেই ৰে'ল বিভাগত উন্নয়ন হৈছিলঃ মমতা বেনাৰ্জী
কাৰ ভুলৰ বাবে দুৰ্ঘটনাত পতিত হ’ল কাঞ্চনজংঘা এক্সপ্ৰেছ? তদন্ত কৰিব ৰে'ল সুৰক্ষা বিভাগে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in