ডিজিটেল সংবাদ,বিহমাৰী: বিশ্বনাথ জিলাৰ বিহমাৰী, কুলাগুৰী, শিয়ালমাৰী, বনগাঁও, জাৰণি, বৰাজুলী আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। কাজিৰঙাৰ ষষ্ঠ সংযোজন আৰু বিহালী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ২০-২৫ জনীয়া বনৰীয়া হাতীৰ জাকে নষ্ট কৰিছে বিঘাই বিঘাই ধাননি পথাৰ।
খেতিয়কে কপালৰ ঘাম মাটিlত পেলাই কৰা খেতি খাই গছকি তহিলং কৰি পেলাইছে হাতীয়ে। যাৰ ফলত গঞাই বিনিদ্ৰ ৰজনী কটাইছে। নিশা বিহমাৰীৰ কুলাগুৰী জাৰণিত এজাক বনৰীয়া হাতীৰ জাকে ধাননি পথাৰত অনিষ্ট কৰি থকা অৱস্থাত হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয়।
লোকজন জাৰণিৰ ডিমা ওৰাং বুলি জানিব পৰা গৈছে। ইতিমধ্যে লোকজনক বিশ্বনাথৰ কনকলতা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে। হাতীৰ আক্ৰমণত আহত লোকজনক চিকিৎসাৰ খৰছ ও ক্ষতিপূৰণৰ দাবী তুলিছে এই অঞ্চলৰ ৰাইজ আৰু আদিবাসী ছাত্ৰ সন্থাই ।