ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰায় ৩ শতাধিক শিক্ষকৰ উপস্থিতিত মঙলদৈত শিশু সুৰক্ষাৰ বিভিন্ন আইন সম্পৰ্কীয় এক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। জিলা শিশু সুৰক্ষা গোট, দৰং আৰু জিলা আইন সেৱা প্ৰাধিকাৰী দৰঙৰ উদ্যোগত আৰু ৰাজ্যিক শিশু সুৰক্ষা সমিতি,অসমৰ সহযোগত বুধবাৰে জিলা পুথিভঁৰাল,মঙলদৈত প্ৰশিক্ষণ কৰ্মশালাখন অনুষ্ঠিত হৈ যায়।
জিলাৰ অতৰিক্ত আয়ুক্ত, জিলা সমাজ কল্যাণ বিষয়া, আৰক্ষী বিষয়া উপস্থিত থকা প্ৰশিক্ষণ কৰ্মশালাত শিশু সুৰক্ষাৰ বিভিন্ন আইন সম্পৰ্কে বিস্তৃত বাখ্যা আগবঢ়াই জ্যেষ্ঠ অধিবক্তা মৃদুল শৰ্মা, মিজানুৰ ৰহমান, আৰক্ষী বিষয়া কপিল বৰা,বনশ্ৰী সৰস্বতী, জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰিয়াই।
প্ৰশিক্ষণ কৰ্মশালাৰ আঁত ধৰি জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই জিলাখনত বিভিন্ন ক্ষেত্ৰত শিশু সকল কি ধৰণে নিৰ্যাতনৰ বলি হৈছে আৰু শিশু অধিকাৰ খৰ্ব হৈছে লগতে শিশু সুৰক্ষা নিশ্চিত কৰিবলৈ সকলোৰে দায়িত্ব সম্পৰ্কে বাখ্যা আগবঢ়ায়। অধিবক্তা মৃদুল শৰ্মাই বাল্য বিবাহ,শিশু শ্ৰম আৰু Pocso আইন সম্পৰ্কে শিক্ষক সকলে উত্থাপন কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে ।