ডিজিটেল সংবাদ,মঙলদৈঃ দেওবাৰে পুৱা মঙলদৈত খিলঞ্জীয়া লোকক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তজন মঙলদৈৰ বাঘমৰা চাপৰিৰ আৰ্চাদ আলি বুলি জানিব পৰা গৈছে।
মঙলদৈ সদৰ আৰক্ষীয়ে ঘটনাৰ ৬ ঘন্টাৰ পিছতে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে চহৰখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাত প্ৰশাসনে মঙলদৈত ১৪৪ ধাৰা জাৰি কৰিছে।
উল্লেখ্য যে,দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল বিভিন্ন দল সংগঠনে। নৰেন্দ্ৰ হাজৰিকা নামৰ এজন যুৱকে মাছ ক্ৰয় কৰিবলৈ বজাৰখনলৈ যোৱাৰ সময়তেই এজন মাছ বেপাৰীৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাত বেপাৰীজনে খিলঞ্জীয়া যুৱকজনক প্ৰহাৰ কৰিছিল। এই ঘটনাটোৰ পিচতেই উত্তপ্ত হৈ পৰে মঙলদৈ বজাৰ।
Also Read: প্ৰয়াত বি.কে. ভাণ্ডাৰীৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী পালন