ডিজিটেল সংবাদ, মঙলদৈ : ৰাজ্যবাসী এতিয়া পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ- উচাহত মতলীয়া, কিন্তু এনে সময়তে মঙলদৈৰ এখন গাঁৱৰ ৰাইজে এই আনন্দ- উচাহৰ পৰা বিৰত থাকিব। উদযাপন নকৰে দীপাৱালী।
কিয়নো দীপাৱলীৰ সময়তে মঙলদৈ ব্লক চ’কৰ বাসৱ নগৰত বুধবাৰে গধুলি সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। চহৰখনৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতোলাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ফলত থিতাতে নিহত হয় পিতৃ- কন্যা।
জানিব পৰা মতে ছিপাঝাৰৰ পৰা মঙলদৈ দিশে গৈ থকা অৱস্থাত ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে এ এচ ১৩ কে ৮৮১৩ নম্বৰৰ স্কুটীয়ে । ফলত মঙলদৈ বাসৱ নগৰৰ মথুৰা ডেকা আৰু জীয়ৰী নন্দিতা ডেকা স্কুটীৰ পৰা বাগৰি পৰে ।
বাগৰি পৰাৰ লগে লগেই পিছফালৰ পৰা আহি থকা গাড়ী এখনে দুয়োকে মহতীয়াই লৈ যায় । ইয়াৰ ফলত স্কুটী আৰোহী মথুৰা ডেকা আৰু তেওঁৰ কন্যা নন্দিতা ডেকা ঘটনাস্থলীতে নিহত হয়।
উল্লেখযোগ্য যে মথুৰা ডেকা অসম পুলিচৰ চি আই ডি বিভাগত কাম কৰি অৱসৰ গ্ৰহণ কৰিছিল । অৱসৰৰ পিছত তেওঁ গুৱাহাটী বিমানবন্দৰত অস্থায়ী নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছিল। বুধবাৰে গুৱাহাটীৰ কৰ্মস্থানৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যয়নৰত জ্যেষ্ঠ কন্যা নন্দিতাক লৈ দীপাৱালী উপলক্ষে নিজা স্কুটীৰে মঙলদৈৰ নিজ গৃহলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাতপতিত হয়।
দুৰ্ঘটনাত খবৰ বিয়পি পৰাৰ লগে লগে মঙলদৈত শোকৰ ছাঁ পৰে। কান্দোনত ভাঙি পৰে নিজ গাঁও বাসৱ নগৰৰ লোকসকল। ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দুয়োৰে ছিন্ন -বিচ্ছিন্ন মৃতদেহ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।
বৃহস্পতিবাৰে মৃতদেহ মঙলদৈস্থিত বাসগৃহলৈ অনা হয় আৰু গাঁৱবাসীয়ে শেষ শ্ৰদ্ধা জনায়। মথুৰা ডেকাৰ জন্মস্থান কামৰূপৰ হালধালৈ লৈ গৈ আবেলি শেষকৃত্য সম্পন্ন কৰে।
উল্লেখ্য যে মথুৰা ডেকাই তিনিজনী ছোৱালী আৰু পত্নীৰে সতে বাসৱ নগৰত বাস কৰিছিল । মৃত্যুৰ সময়ত দুই জীয়ৰী আৰু পত্নীক ইহ সংসাৰত এৰি থৈ যায়।
সৰবৰাহী মথুৰা ডেকা আৰু মেধাৱী কন্যা নন্দিতা ডেকাৰ এই অনাকাংক্ষিত মৃত্যুত বাসৱ নগৰবাসী শোকত মৰ্মাহত হৈ পৰিছে । সেয়েহে আজি গোটেই গাঁৱতে পোহৰৰ উৎসৱ দীপাৱালী উদযাপন কৰাৰ পৰিৱৰ্তে ৰাইজে মৃত আত্মাৰ সদগতিৰ অৰ্থে প্ৰতিঘৰৰ পদুলিত দুগছি চাকি জ্বলাবলৈ সমূহীয়া সিদ্ধান্ত লৈছে।
Also Read: আজিৰে পৰা ষাঠিশামুকাত ৫ দিনীয়া কাৰ্যসূচীৰে ৭০ সংখ্যক কালী পূজা