৮-১৪ ডিচেম্বৰত মঙলদৈ গ্রন্থমেলাঃ উদ্বোধন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে...

৮-১৪ ডিচেম্বৰত মঙলদৈ গ্রন্থমেলাঃ উদ্বোধন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে...

author-image
Asomiya Pratidin
New Update
৮-১৪ ডিচেম্বৰত মঙলদৈ গ্রন্থমেলাঃ উদ্বোধন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে...

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত, সদৌ অসম গ্রন্থ প্রকাশন আৰু বিক্রেতা সন্থাৰ সহযোগত ২০২১ চনৰপৰা মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত হৈ অহা মঙলদৈ গ্রন্থমেলা এইবেলি সাদিনীয়া কাৰ্যসূচীৰে অহা ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব।

যোৱা ১৪ অক্টোবৰত মঙলদৈ নাট্য মন্দিৰত বিগত বছৰৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাই এই উপলক্ষে দৰং- ওদালগুৰি লোকসভা সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী আৰু ৰাজেন্দ্ৰ নাথ হাজৰিকাক কাৰ্যকৰী সভাপতি, ৰাজীৱ কুমাৰ ডেকাক সাধাৰণ সম্পাদক, লক্ষ্মী নন্দন কলিতাক সম্পাদক, মুকুটৰাজ শৰ্মাক সমন্বয়ক হিচাপে লৈ গ্রন্থমেলা পৰিচালনা সমিতি গঠন কৰে।

যোৱা ৩০ অক্টোবৰ তাৰিখে মঙলদৈ ইউথ ক্লাবত উদযাপন সমিতিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত দ্বিতীয়খন ৰাজহুৱা সভাত বিশিষ্ট লোকসকলৰ পৰামৰ্শৰ ভিত্তিত কাৰ্যসূচী যুগুতোৱা হয়। এই অনুসৰি, শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে অহা ৮ নৱেম্বৰত গ্ৰন্থ মেলা ২০২৪ উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

আনহাতে, ১৪ ডিচেম্বৰৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দৰঙৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত। গ্ৰন্থমেলাৰ আন আন বিভিন্ন মনোজ্ঞ কার্যসূচীত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, শিল্পী দীপলিনা ডেকা প্রমুখ্যে বহু কবি, সাহিত্যিক তথা বিশিষ্ট লোকে অংশগ্রহণ কৰিব। মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি হোমেন কাকতি, আৰু

সাধাৰণ সম্পাদক লক্ষ্মীনন্দন কলিতাই আঁত ধৰা ৰাজহুৱা সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ 'দেৱ, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ শচীন চহৰীয়া, অসম মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা প্রতি দেৱী, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চহিৰ ভূঞা, দ্যৌৰঙ্গ বাৰ্তাৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতি, নগৰ উন্নয়ন প্ৰাধিকাৰী প্রতাপ বৰদলৈ, অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক বিপিন মিত্র চন্দ্ৰ বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনীন্দ্ৰ ৰাজবংশী, দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৃদয় বৰুৱা প্ৰমুখ্যে কেইবাজনো লোকে ভালেমান মূল্যৱান পৰামৰ্শ আগবঢ়ায়। মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি হোমেন কাকতি আৰু সম্পাদক লক্ষীনন্দন কলিতাই গ্ৰন্থ মেলাত সদৌ মঙলদৈ বাসীৰ আন্তৰিক সহযোগীতা কামনা কৰিছে।

Also Read: হাফলঙত 'ৰাজ্যিক ঐক্য দিৱস'...

মঙলদৈ