ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সহযোগত, জিলা শিশু সুৰক্ষা গোট ,দৰং আৰু জিলা শিশু আইন প্ৰাধিকৰণৰ উদ্যোগত বুধবাৰে পশ্চিম মঙ্গলদৈ ব্লকৰ অন্তৰ্গত আশা কৰ্মী, অংগনাবাদী , চুপাৰভাইজাৰ, পঞ্চায়তৰ সভাপতিক বাল্যবিবাহ, শিশু শ্ৰমিক আৰু অন্যান্য শিশু সম্পৰ্কীয় বিষয়ৰ ওপৰত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ সভা গৃহত এদিনীয়া প্ৰশিক্ষণ এটা অনুষ্ঠিত হয়।
এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া, জিলা আইন প্ৰাধিকৰণৰ সমল ব্যক্তি ৰশ্মি ৰেখা শৰ্মা, দীপশিখা শৰ্মা, মিৰ্জানুৰ হক, শিশু সুৰক্ষা গোটৰ কৰ্মচাৰী সকল। জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই শিশুৰ আইনৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়াই সকলোকে আহ্বান জনায় যে বাল্যবিবাহ মুক্ত আৰু শিশু শ্ৰমিক মুক্ত জিলা এখন গঠনত ৰাইজৰ সহযোগিতা সকলোৰে দায়বদ্ধতা কামনা কৰে ।
জিলা আইন সেৱা প্ৰাধিকাৰীৰ দীপশিখা শৰ্মাই বাল্যবিবাহ, শিশু নিৰ্যাতনৰ ওপৰত মন্তব্য আগবঢ়ায়। ৰশ্মি ৰেখা শৰ্মাই শিশু শ্ৰমিকৰ ওপৰত মন্তব্য আৰু মিৰ্জানুৰ হকে ভ্ৰুণ হত্যা প্ৰতিৰোধ ওপৰত মন্তব্য আগবঢ়ায়। জিলা শিশু সুৰক্ষা গোটৰ কায্য প্ৰনালী উপস্থিত আশা কৰ্মী, অংগনাবাদী , চুপাৰভাইজাৰ, পঞ্চায়তৰ সভাপতি সকলে প্ৰশংসা কৰে। এওঁলোকে আশা প্ৰকাশ কৰে যে এনেকুৱা প্ৰশিক্ষণে শিশুৰ অধিকাৰ সুৰক্ষিত কৰাত নিশ্চয় সহায়ক হ'ব।