ডিজিটেল সংবাদ, শিলচৰ: মণিপুৰী ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়া বুলি মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে বিধানসভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিচত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন মণিপুৰী সংগঠন। দীৰ্ঘদিনীয়া এই দাবীৰ প্ৰতি সহাঁৰি জনাই ৰাজ্য চৰকাৰে মণিপুৰী ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে।
মণিপুৰী ভাষাটোৱে চৰকাৰী স্বীকৃতি লাভ কৰাৰ পিচত চাকৰিৰ ক্ষেত্ৰত এতিয়াৰে পৰা সৰ্বভাৰতীয় বিভিন্ন পৰীক্ষাত মণিপুৰী ভাষাত পৰীক্ষা দিব পাৰিব পৰীক্ষাৰ্থীসকলে। চৰকাৰৰ এই পদক্ষেপৰ বাবে মণিপুৰী ভাষা সুৰক্ষা সমন্বয় সমিতি, মণিপুৰী যুৱ মঞ্চ অসম আৰু সদৌ অসম মণিপুৰী ছাত্ৰ সন্থাই অসম চৰকাৰ,মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰাইক ধন্যবাদ জনায়। বৃহস্পতিবাৰে শিলচৰ আয়োজিত এক যুটীয়া সংবাদ মেল আয়োজন কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় মনিপুৰী সংগঠন কেইটাই।
Also Read: হাতত ব্ৰাছ, ৰং লৈ গোলাঘাটত জাতীয় সংগঠনৰ বিশেষ অভিযান